অসমত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহিব ষ্টাৰ কেম্পেইনাৰ

অসমত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহিব ষ্টাৰ কেম্পেইনাৰ
Published on

ভাৰতীয় কংগ্ৰেছ কমিটিৰ হৈ অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব লগিয়া ষ্টাৰ কেম্পেইনাৰ তালিকা মংগলবাৰে কংগ্ৰেছে প্ৰকাশ কৰে । লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাব ষ্টাৰ কেম্পেইনাৰে ।

অসমত প্ৰচাৰৰ বাবে আহিব কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী । জনসভা সম্বোধন কৰিব ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীয়ে। ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধী চলাব প্ৰচাৰ। ড০ মনমোহন সিং, গুলাম নবী আজাদ, আহমেদ পেটেল, আনন্দ শৰ্মা আৰু হৰিশ ৰাৱটেও চলাব প্ৰচাৰ।

ষ্টাৰ কেম্পেইনাৰৰ তালিকাত আছে তৰুণ গগৈ, ৰিপুণ বৰা, দেবব্ৰত শইকীয়া, জ্যোতিৰাদিত্য সিন্ধিয়া, নাদীম জাভিদ, কেশৱ চন্দ যাদৱ, নৱজ্যোত সিং সিদ্ধু, মুকুল চাংমা, অক্ৰাম ইববি সিং, ভূমিধৰ বৰ্মন, প্ৰদ্যুত্‍ বৰদলৈ, নাগমা মোৰাজী, ইমৰান কিদৱাই, মহম্মদ আঝাৰুদ্দিন, ৰাণা গোস্বামী, ভূপেন বৰা, ভুবনেশ্বৰ কলিতা, শান্তিয়াছ কুজু, ৰাণী নৰহ, গৌৰৱ গগৈ, সুস্মিতা দেৱ, ৰকিবুল হুছেইন, ৰেকিব উদ্দিন আহমেদ, ৰূপজ্যোতি কুৰ্মী, বলিন কুলি, কমৰুল ইছলাম চৌধুৰী, দ্বীজেন শৰ্মা, বিষ্ণু প্ৰসাদ, পৱন সিং ঘাটোৱাৰ, কমলাক্ষ্য দে’ পুৰকায়স্থ আৰু ছিদ্দিক আহমেদ।অসমত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহিব ষ্টাৰ কেম্পেইনাৰ|

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com