Begin typing your search above and press return to search.

অসমত ২০১৯চনৰ জানুৱাৰীৰ ভিতৰত গঠন কৰা হব স্থায়ী ৰিয়েল ষ্টেট নিয়ন্ত্ৰণ প্ৰাধিকৰণ

অসমত ২০১৯চনৰ জানুৱাৰীৰ ভিতৰত গঠন কৰা হব স্থায়ী ৰিয়েল ষ্টেট নিয়ন্ত্ৰণ প্ৰাধিকৰণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Dec 2018 10:49 AM GMT

ৰাজ্যত বিভিন্ন স্থানত গঢ়ি উঠা গৃহ আৰু আবাস স্থল সমূহক নিয়ন্ত্ৰণ কৰাৰ সময় আহি পৰিছে। গৃহ নিৰ্মাতা গোষ্ঠী সকলে আবাস স্থল সমূহ নিৰ্মান কৰোতে বহু ক্ষেত্ৰত আবাসী সকলৰ সুৰক্ষাক অৱজ্ঞা কৰা দেখা যায় আকৌ বহু সময়ত এনে আবাল স্থল সমূহ গঢ়ি উঠাৰ ফলত অঞ্চলটোৰ পানী নিষ্কাষণ ব্যৱস্থা সমূহ ব্যাহত হোৱাও পৰিলক্ষিত হয়।অসমতো ৰিয়েল ষ্টেট ব্যৱসায়ী সকলৰ বাবে স্থায়ী কোনো নিয়ন্ত্ৰণ প্ৰাধিকৰণ নথকা বাবে বহু ক্ষেত্ৰত গৃহ ক্ৰয় কৰা ক্ৰেতা সকল হাৰাসাস্তিৰ সন্মুখীন হব লগীয়াত পৰিছে।এনে দিশ সমূহ পৰ্যবেক্ষণ কৰি অসম চৰকাৰে নতুন বছৰৰ জানুৱাৰী মাহৰ ভিতৰতে ৰিয়েল ষ্টেট নিয়ন্ত্ৰণ প্ৰাধিকৰণ আৰু অন্তৱৰ্তী ন্যায়াধিকৰণ গঠন কৰাৰ পৰিকল্পনা কৰিছে। এই প্ৰাধিকৰণে গ্ৰাহক সকলৰ গৃহ সুতৰ হাৰক ৰক্ষণাবেক্ষণ প্ৰদান কৰিব। ৰিয়েল ষ্টেট নিয়ন্ত্ৰণ আৰু বিকাশ বিধেয়ক,২০১৬ চমুকৈ ৰেৰা ৰ অধীনত নিয়ন্ত্ৰণ প্ৰাধিকৰণে ৰিয়েল ষ্টেট ব্যৱসায়ক নীতি আৰু নিয়ন্ত্ৰণৰ দ্বাৰা পৰিচালিত কৰিব পাৰিব।সদনত গৃহীত হোৱাৰ এবছৰ পিছত ৰেপাক কাৰ্য্যকৰী কৰা হৈছিল।

কেন্দ্ৰীয় আইনৰ মতে সকলো ৰিয়েল ষ্টেটৰ প্ৰকল্প,এজেণ্ট সকলে নিজৰ নিজৰ প্ৰকল্প সমূহৰ বিষয়ে ৰিয়েল ষ্টেট নিয়ন্ত্ৰণ প্ৰাধিকৰণত পঞ্জীয়ন কৰিব লাগে। পঞ্জীয়ন হীন প্ৰকল্প সমূহ অবৈধ বুলি নিয়ন্ত্ৰণ প্ৰাধিকৰণে ঘোষণা কৰিব পাৰে। এবাৰ অসমত ৰিয়েল ষ্টেট নিয়ন্ত্ৰণ প্ৰাধিকৰণ গঠন হৈ গলে ৰাজ্যত ৰিয়েল ষ্টেট ব্যৱসায়ী সকলে কোনো বসবাস কৰা অথবা বাণিজ্যিক প্ৰকল্প পঞ্জীয়ন নকৰাকৈ গ্ৰাহকক বিক্ৰী কৰিব নোৱাৰিব। ৰেৰাৰ অধীনত ৰিয়েল ষ্টেট ব্যৱসাসী সকলে সময়ত প্ৰকল্পৰ কাম সম্পুৰ্ণ হৈ উঠিব বুলি প্ৰতিশ্ৰুতিৰে প্ৰথমে গ্ৰাহকৰ পৰা ৭০ শতাংশ ধনহে আদায় লব পাৰিব। জানুৱাৰী,২০১৯ ৰ ভিতৰত ৰিয়েল ষ্টেট নিয়ন্ত্ৰণ প্ৰাধিকৰণ আৰু অন্তৱৰ্তী ট্ৰিবিউনেল গঠনৰ সিদ্ধান্ত ইতিমধ্যে কেন্দ্ৰীয় গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হৰদীপ পুৰীক অসম চৰকাৰৰ ফালৰ পৰা অবগত কৰা হৈছে।শনিবাৰে আগৰতলাত এই সম্পৰ্কীয় এখন জৰুৰী বৈঠকো অনুষ্ঠিত হৈ যায়। অসম,মিজোৰাম আৰু চিকিমে অন্তৱৰ্তী ৰিয়েল ষ্টেট নিয়ন্ত্ৰণ প্ৰাধিকৰণ গঠন কৰাত আগ্ৰহী। অসম আৰু ত্ৰিপুৰা চৰকাৰে কেন্দ্ৰীয় চৰকাৰক ইতিমধ্যে এই সম্পৰ্কীয় বিষদ তথ্য আৰু পদ্ধতি সম্পৰ্কে অবগত কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী পুৰীয়ে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত নগৰীয়া দুখীয়া সকলৰ বাবে বিগত চাৰিটা বৰ্ষত ২.৩ লাখৰো অধিক গৃহ নিৰ্মাণত অনুমোদন জনোৱা বুলি উল্লেখ কৰি ইতিমধ্যে ১.১৬ লাখ গৃহ নিৰ্মাণৰ কাম আৰাম্ভ হোৱা বুলি মন্তব্য কৰে।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি