Begin typing your search above and press return to search.

অসমত ৫.০৯ কোটি টকা জব্দ: উত্তৰ পূৰ্বাঞ্চলত ৯.৯৭ কোটি টকা জব্দ

অসমত ৫.০৯ কোটি টকা জব্দ: উত্তৰ পূৰ্বাঞ্চলত ৯.৯৭ কোটি টকা জব্দ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 April 2019 8:20 AM GMT

সমগ্ৰ দেশতে ১ এপ্ৰিল ২০১৯ ৰ পৰা মডেল ক'ড অব ক'ণ্ডাক প্ৰযোজ্য হোৱাৰ পাছত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে ৯.৯৭ কোটি টকা জব্দ কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ নিৰ্বাচনী আয়োগৰ প্ৰকাশিত তথ্যত সমগ্ৰ দেশতে ৩৪০.৭৫ কোটি টকা জব্দ কৰা হৈছে বুলি উল্লেখ কৰিছে । লগতে অসমত ৫.০৯ কোটি জব্দ হৈছে বুলি প্ৰকাশ কৰিছে । আনহাতে অৰুণাচল প্ৰদেশত ৩.৬১ কোটি, নাগালেণ্ডত ০.৭২ কোটি, মেঘালয়ত ০.২৭ কোটি, ত্ৰিপুৰাত ০.১৮ কোটি, মনিপুৰত ০.১০ কোটি আৰু ছিকিমত ০.০০১ কোটি জব্দ কৰা হৈছে । বৰ্তমানলৈকে মিজোৰামত টকা জব্দ কৰা নাই বুলি প্ৰকাশ কৰে।

লোকসভা নিৰ্বাচনৰ বাবে ভাৰতৰ নিৰ্বাচনী আয়োগে এজন প্ৰাৰ্থীয়ে নিৰ্বাচনত ৭০ লাখ টকা ব্যয় কৰিব পাৰিব বুলি প্ৰকাশ কৰিছিল । নিৰ্বাচনী আয়োগৰ এই নিৰ্দেশনাৰ ভিত্তিতে সমগ্ৰ দেশতে চাৰ্ভিলেঞ্চে টিম আৰু ফ্লাইঙ স্কুৱাৰ্ডে ব্যয়ৰ লগতে আনুসংগিক সকলো দিশতে তীক্ষ্ণ দৃষ্টি ৰাখিছে ।

অভিযানৰ সময়তে ৫৫ লাখৰ ০.৮৮ লাখ লিটাৰ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে । লগতে ৬.২৬ কোটি টকাৰ লগতে সুৰা, ড্ৰাগচ, নিচাযুক্ত সামগ্ৰী, সোন, ৰূপ আদি জব্দ কৰে । সুৰাকে ধৰি এনে বিভিন্ন সামগ্ৰী মনিপুৰত ২৬.৮০ কোটিৰ জব্দ কৰা হৈছে । একেদৰেই অৰুণাচল প্ৰদেশত ৩.৬১ কোটি, নাগালেণ্ডত ২.৬৪ কোটি, ত্ৰিপুৰাত ১ কোটি, মিজোৰামত ০.৪৩ কোটি, মেঘালয়ত ০.৩৮ কোটি আৰু ছিকিমত ০.০১১ কোটি টকা জব্দ কৰা হৈছে । সমগ্ৰ দেশতে টকা সহ ১,৪৬০.০২ কোটি জব্দ কৰা হৈছে বুলি ভাৰতীয় নিৰ্বাচনী আয়োগে প্ৰকাশ কৰে।

নিৰ্বাচনৰ সময়ত ব্যয়ৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ অসমত ১৪ জন ব্যয় পৰ্যাবেক্ষকক দায়িত্ব দিয়া হৈছে । ৪০০ ফ্লাইঙ স্কুৱাৰ্ড আৰু ভিডিঅ চাৰ্ভিলেঞ্চে টিমে আৰু ৰাজ্যিক নিৰ্বাচনী আয়োগৰ সূত্ৰয়ে ব্যয় পৰ্যাবেক্ষকক সকলক এই ক্ষেত্ৰত সহায় কৰিব । ব্যয় পৰ্যাবেক্ষক সকলে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনৰ পৰা ভোট গ্ৰহণৰ দিনলৈকে গ্ৰাউণ্ড লেবেলত কাম কৰিব বুলি প্ৰকাশ কৰিছে । প্ৰাৰ্থী সকলৰ নিৰ্বাচনৰ বাবে কৰা ব্যয়ৰ ওপৰত ভোট গননাৰ পূৰ্বে পুনৰ পৰ্যবেক্ষন কৰা হব বুলি প্ৰকাশ কৰিছে ।

১২৬ বিধানসভা সমষ্টিত আৰক্ষী বিষয়া সহ ৩ জন ফ্লাইঙ স্কুৱাৰ্ডক দায়িত্ব দিয়া হৈছে । নিৰ্বাচনৰ সময়ত যিকোনো অপ্ৰীতিকৰ পৰিষ্ঠিতিৰ লগতে টকাৰে অথবা আন উপায়ৰে ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা কৰাৰ ওপৰত দৃষ্টি ৰাখিব । তাৰ পাছত ফ্লাইঙ স্কুৱাৰ্ডে ব্যয় পৰ্যাবেক্ষকক ৰিপোৰ্ট জমা দিব ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি