অসমত ৰন্ধন গেছ আৰু পেট্ৰলিয়াম সামগ্ৰীৰ নাটনি

অসমত ৰন্ধন গেছ আৰু পেট্ৰলিয়াম সামগ্ৰীৰ নাটনি
Published on

অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়নে ২০ আগষ্টৰ পৰা অসমত হবলগীয়া ৰন্ধন গেছ, পেট্ৰলিয়াম সামগ্ৰীৰ নাটনিৰ বাবে দায়ী ডিগবৈৰ গলাই ইণ্ডিয়ান অইল কৰ্পৰেচনত হৈ থকা চিণ্ডিকেট ৰাজৰ বিৰুদ্ধে অনিদিষ্ট কাললৈ ধৰ্মঘট কাৰ্য্যসুচী পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।সংগঠনটোৰ সাধাৰণ সম্পাদক ৰমেন দাসে কয় যে নিজকে কিছুমান যুৱকে গলাই সন্থাৰ সদস্য হিচাপে পৰিচয় দি প্ৰতিখন তেলৰ ট্ৰেংকাৰৰ পৰা ২০০ টকাকৈ সংগ্ৰহ কৰাৰ লগতে হেলমেট, বুট, ইউনিফৰ্ম আদি অধিক মূল্যত বিক্ৰী কৰি টকা সংগ্ৰহ কৰে।সেইখিনি সামগ্ৰী পৰিধান নকৰাৰে কোনো ট্ৰেংকাৰকে ইণ্ডিয়ান অইল কৰ্পৰেচনত সোমাবলৈ নিদিয়াৰ সুযোগ গ্ৰহন কৰিছে যুৱক সকলে।দৈনিক ১৫০ খন ট্ৰেংকাৰৰ পৰা প্ৰায় ৩০,০০০ টকা সংগ্ৰহ কৰি আহিছে।দাসে লগতে কয় যে ৰাজনৈতিক নেতাৰ আশীৰ্বাদপুষ্ট এইসকল যুৱকক কোনেও এতিয়ালৈ নাকি লগাবলৈ সক্ষম হোৱা নাই।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com