Begin typing your search above and press return to search.

অসমবাসীলৈ সুখবৰ: বৰদিনত মুকলি বগীবিল দলং

অসমবাসীলৈ সুখবৰ: বৰদিনত মুকলি বগীবিল দলং

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Dec 2018 9:55 AM GMT

অসমবাসীৰ কাৰণে সুখবৰ ৷২৫ ডিচেম্বৰ অৰ্থাৎ বৰদিনৰ দিনাই মুকলি হ’ব বগীবিল দলং৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিব অসমবাসীৰ বহু প্ৰত্যাশিত দলংখন ৷ বগীবিল দলঙখন সংযোগ কৰিব ডিব্ৰুগড় ধেমাজিক ৷ অন্যহাতে,অসমৰ ডিব্ৰুগড় জিলাৰ বগীবিল নামৰ ঠাইত নিৰ্মাণ কৰিছে বগীবিল নামৰ দলঙখন ৷

বগীবিল দলঙখন হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত চতুৰ্থখন দলং ৷ ১৯৯৭ চনৰ ২২ জানুৱাৰীত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ চিচিবৰ গাঁৱৰ কুলাজানত তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াই বগীবিল দলঙখনৰ আধাৰশিলা স্থাপন কৰে৷ইয়াৰ পিছত ২০০২ চনত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দলং খনৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে ৷

উল্লেখ্য যে,ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত চতুৰ্থখন দলং হ’ল বগীবিল৷ ৰেল আৰু পথ যোগাযোগ ব্যৱস্থা থকা বগীবিল দলং খন ভাৰতৰ যিকোনো নদীৰ ওপৰত নিৰ্মিত দলঙৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম দলং হ’ব। অন্যহাতে দুখলপীয়া দলঙখনত তলৰ খাপত তিনি লেনযুক্ত পথ থাকিব ৷

ইফালে বগীবিল দলঙখনৰ নামাকৰণক লৈ বহু তৰ্ক বিতৰ্কৰো সৃষ্টি হৈছে ৷ "সতী সাধনী সেতু","ছুকাফা সেতু",মিৰি জীয়ৰী সেতু",আদি বিভিন্ন নামেৰে নামাকৰণ কৰিবলৈ দাবী জনাই আহিছে বিভিন্ন জাতি জনগোষ্ঠীয়ে ৷কিন্তু বিভিন্ন বিতৰ্কৰ অন্ত পেলাই অহা ২৫ ডিচেম্বৰত মুকলি হ’ব বগীবিল সেতু ৷

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি