অসমীয়া সমাজৰ আই নাম

আই শব্দৰ উচ্ছাৰণত নিহিত হৈ থাকে এক স্বৰ্গীয় অনুভূতি । অসমীয়া অভিধানিক অৰ্থ বিশ্লেষণ কৰিলে দেখা যায় যে মাতৃ স্থানীয় ব্যক্তিক সাধাৰণতে ‘আই’ শব্দৰে সম্বোধন কৰা হয় । জনমদাত্ৰী মাতৃ, গুৰু পত্নী, মাতৃ স্থানীয় মহিলা আদিৰ ওপৰিও শিশু কণ্যাকো আই শব্দৰে সম্বোধন কৰা হয় । ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ ভিতৰত মাৰাঠী সকলেও মাতৃক আই বুলি সম্বোধন কৰে । অসমীয়া সমাজত আৰু এক বিশেষ অৰ্থত আই শব্দৰ ব্যাপক ব্যৱহাৰ হয় । সেয়া হ’ল সকলো দেবীৰে নামৰ পিচত আই শব্দৰ সংযোজন ; দূৰ্গা আই, সৰস্বতী আই, মনসা আই, লক্ষ্মী আই ইত্যাদি । দেবী সকলক আইগোঁসানী নামেৰেও সম্বোধন কৰা দেখা যায় । এই সম্বোধনত শ্ৰদ্ধা-ভক্তিৰ লগত নিহিত থাকে এক আত্মীয়তা । এই দেবীসকলৰ গুণানুকীৰ্তন কৰি পৰিৱেশন কৰা গীত সমূহেই হৈছে আই নাম । অসমৰ মাটি-পানীৰ সুৱাস যুক্ত আৰু পৰম্পৰাগত ভাৱে প্ৰচলিত হৈ থকা গীত বোৰক ‘নাম’ বুলি অভিহিত কৰা হয় । উদাহৰণ স্বৰূপে ; হৰি নাম, গোঁসাই নাম, বিহু নাম , আই নাম ইত্যাদি ।আই নাম সমূহ সাধাৰণতে মহিলা সকলে পৰিৱেশন কৰে যদিও দৌলৰ পুজাৰী আৰু ব্ৰহ্মসংহতিৰ সত্ৰ সমূহৰ গায়ন সকলেও দেবী-গোঁসানীআই সকলৰ পূজাত আই নাম গোৱা দেখা যায় ।
দূৰ্গাগোঁসানী আইক সমাজৰ দূৰ্গতি আঁতৰাবলৈ সাধাৰণতে পূজা-অৰ্চনা কৰা হয় যদিও অসমৰ কিছু ঠাইত গাভৰু সকল মিলিত হৈ আইৰ কৃপাত নিজকে পাকৈত শিপিনি হিচাপে গঢ়ি তুলিবলৈকো মিনতি জনায় । “দূৰ্গাপূজাৰ সময়ত বিশেষকৈ বিজয়া দশমীৰ গধূলি নামনি অসমৰ কোনো কোনো ঠাইত দেবীৰ নাম গোৱা হয় । ইয়াত তিৰুতাবোৰে চোতালত ঠগী দি দূৰ্গা-দেবীৰ নাম গায় । উদ্দেশ্য , ৰাইজৰ মংগলৰ কাৰণে দেবীৰ কৃপা বিচৰণ ।“ (অসমীয়া লোকগীতি-সঞ্চয়ন ; পৃষ্ঠা ১০; হেমন্ত কুমাৰ শৰ্মা)
দূৰ্গাগোঁসানী আইৰ কিছু গীত তলত উল্লেখ কৰা হ’ল :
১) কি দিয়া পূজিবো আই কি আছে আমাৰ ।
হে জয় জয় ভগৱতী ভৱানী কামাখ্যা
কি দিয়া কৰিবো সেৱা চৰণে তোমাৰ ।
হে জয় জয় ভগৱতী ভৱানী কামাখ্যা
পুষ্প দিয়াপূজিলোহেঁতেন ভোমোৰাই চুম্বিলেহে
হে জয় জয় ভগৱতী ভৱানী কামাখ্যা
--------
২) অ’ আই ভগৱতী এ মণ্ডপে নামিলা
সুৱৰ্ণৰ পঞ্চঘটে পূজা আৰম্ভিলা
পূজা পূজা বুলি পূজাৰ ঘৰ বান্ধিলো
হাবিৰ বাৰি সূতা কাটি ।
হাবিৰ বাৰি সূতা দূৱাৰে মুকুতা
সাঁজিহে বিচিত্ৰ কৰি ।।
৩) অম্বিকা চণ্ডিকা দুষ্টা দূৰ্গা মাজে বিশ্বেশ্বৰী আই
পাঁচ ভনীয়েকে একেখন আসনে বহি নানান পূজা খায় ।
দেবী আইৰ কপালত পাৰিজাতৰ ৰেখা
চামুণ্ডা ৰূপ ধৰি ৰাইজক দিছে দেখা ।
বসন্তৰোগে দেখা দিলে ,তাৰ নিৰাময়ৰ বাবে দেবী শীতলা আইৰ নাম গোৱাৰ প্ৰথা অতীজত সমগ্ৰ অসমতে প্ৰচলিত আছিল । বৰ্তমান এই পৰম্পৰা চকুত নপৰে । তলত শীতলা আইৰ দুটিমান গীত উল্লেখ কৰা হ’ল;
১) গধূলিতে আই আহে পদূলিলৈ চাই ।
মহামায়া আই আহে সোনৰ বংশী বাই ।।
গধূলিতে পদূলিতে লগাই থৈছে বাতি ।
নেজানে কৰুণাময় আহে কোন ৰাতি ।।---
২) আই মোৰ উজায়ে আহিলে
আই মোৰ আইৰে সাতে ভনী ,
আই মোৰ বসন্তে বা বলাই এ ।
আই মোৰ টেমাতে আনিছে
আই মোৰ জাতি চন্দনে
আই মোৰ সবাকো দিছে পিন্ধাই এ---
ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেবী লক্ষ্মী বা লখিমী আইৰ নাম অসমৰ সকলো ঠাইতে প্ৰচলিত আছিল আৰু বৰ্তমানতো ইয়াৰ প্ৰচলন দেখা যায় । সাধাৰণতে লক্ষ্মী-পূৰ্ণিমাৰ দিনা, কাতি বিহু আৰু পথাৰ ধান কাটি ঘৰ সোমোৱাৰ সময়ত লক্ষ্মী আইৰ নাম গোৱা প্ৰথা আছে । এই সমূহৰ দুটি গীত উল্লেখ কৰা হ’ল ;
১) লক্ষ্মী আই আহে আজি ৰাজ্য দৰশনে
ৰত্না দেবীৰ ঘৰে আহি বহে সিংহাসনে ।
লক্ষ্মী আই হে মাতৃ এতে বেলি ক’ত ।
কুমাৰী সকলে পূজা কৰি আছে য’ত ।।-----
২) কুবেৰক কঠিয়া খুজিলা লখিমী
ইন্দ্ৰক খুজিলা পানী,
আজি লক্ষ্মী আইক নিবলৈ আহিছোঁ
কপিলী কণ্ঠত তুলি ।
শনাহী মেলিলা বনাহী মেলিলা
ৰাইজৰ কি গতি হব !
খাওখাম দেৱতা লোৱাঁ পূজা পাতল
শনাহী ভটীয়াই যাব ।
নামনি অসমৰ কামৰূপ, দৰং মঙ্গলদৈ আদি অঞ্চলত মনসা আইৰ নাম গোৱা হয় । মনসা মূলত: সৰ্পদেবী যদিও মাৰি-মৰক, অপায়-অমঙ্গল আদিৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা জনাই মনসা পূজা কৰে আৰু পূজাৰ মন্ত্ৰ হিচাপে মনসা আইৰ নাম গোৱাৰ প্ৰথা আছে । মনসা আইৰ নামৰ লগত জৰিত আছে দেওধনী নাচ আৰু সুকনানি ওজাপলিৰ লগতো জৰিত আছে । মনসা ওজাপালিৰ ওজা সকলে পালি সকলক লগত লৈ গীত আৰু নৃত্য পৰিৱেশন কৰে । মনসা আইনামৰ লগত জৰিত দেওধনী নৃত্য বৰ্তমান সময়ত অসমৰ এক সমাদৃত নৃত্য শৈলী । মনসা আইৰ নাম দুটি তলত উল্লেখ কৰা হ’ল ;
১) অ’ ব্ৰাহ্মণী মাই ব্ৰাহ্মণী মাই
অপৰাধ খেমিবা বাহুৰে পদুমাই ।
অপৰাধ খেমা কৰি চলি যোৱা বিষহৰি,
সৰ্বদোষ পৰিত্ৰাণ কৰা পদুমাই ।।
২) জগত জননী আই মনসা আই এ ।
ফাগুনীৰ তিথিত আই ,আই স্থিতি হৈলে।।
শুল্কপক্ষ তিথিত আই , আই জন্ম হৈলে ।
নও দিনৰ দহ দণ্ডত আইৰ জন্ম হৈলে ।
এই সমূহৰ ওপৰিও অসমীয়া সমাজত সৰস্বতী আইৰ ,সুবচনী আই, অপেশ্বৰী আই আদিৰ নামৰ প্ৰচলন দেখা যায় । এই নাম সমূহ অসমৰ সহিত্য আৰু সংস্কৃতিক ইতিহাসৰ উৎকৃষ্ট উদাহৰণ । নতুন প্ৰজন্মক ইয়াৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ধৰ্মীয় দিশটো নিলগাই সংগীতৰ দিশত অধিক গুৰুত্ব আৰোপ কৰা উচিত । অপ্ৰচিলিত হৈ পৰা আই নামৰ এই বৃহত ভাণ্ডাৰ্টি অন্যথা সময়ৰ বালিত হেৰাই যাব ।
হিৰন্ময়ী দাস গগৈ
দুলীয়াজান