Begin typing your search above and press return to search.

অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনলৈ নতুন আশাৰ বতৰা, বিদেশ পালেগৈ অসমৰ উৰহী

অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনলৈ নতুন আশাৰ বতৰা, বিদেশ পালেগৈ অসমৰ উৰহী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Nov 2018 8:01 AM GMT

অসমৰ কৃষি ক্ষেত্ৰত সংযোজন হ'ব এক নতুন অধ্যায়ৰ ৷গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা বিমানযোগে বিদেশলৈ ৰপ্তানি কৰা হ’ব অসমৰ কেঁচা শাক-পাচলি৷ সম্প্ৰতি এই খবৰে বিশেষভাৱে আশাৰ বতৰা কঢ়িয়াই আনিছে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনলৈ৷এই সন্দৰ্ভত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কৰ্তৃপক্ষই The sentinel ৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কয় যে,বিদেশলৈ অসমৰ শাক পাচলি ৰপ্তানি কৰা প্ৰক্ৰিয়া আৰম্ভ হ’ব চলিত বৰ্ষৰ শেষত নাইবা অহা বছৰৰ জানুৱাৰী মাহত ৷

উল্লেখ্য যে,APEDA অৰ্থাৎ Agricultural and processed food products Exportয়ে অৰ্থনৈতিক দিশত বিনিয়োগ কৰাৰ কাৰণে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিমান বন্দৰৰ জৰিয়তে দীৰ্ঘদীন ধৰি চিন্তাচৰ্চা কৰি আছিল ৷ অন্যহাতে,সদ্যহতে APEDA ৰ জৰিয়তে প্ৰথমবাৰৰ পৰীক্ষামূলক ভাৱে ফ্ৰেচবিন,উৰহী অসমৰ পৰা লণ্ডনলৈ ৰপ্তানি কৰে ৷ উল্লেখ্য যে,চলিত বৰ্ষৰ জানুৱাৰী মাহত APEDA য়ে মেঘালয়ৰ ৰিবৈ জিলাৰ আনাৰস উত্তৰ পূবৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন ঠাইলৈ ৰপ্তানি কৰিছিল। ইফালে শেহতীয়া তথ্য অনুসৰি, APEDA য়ে চলিত বৰ্ষৰ শেষৰ ফালে ডুবাইলৈ কমলা ৰপ্তানি কৰা পৰিকল্পনা কৰিছে ৷এই সন্দৰ্ভত APEDA কয় যে,উত্তৰ পূবৰ লগতে বিভিন্ন ঠাইৰ সতেজ শাক পাচলি আন্তৰাষ্ট্ৰীয় বজাৰত ৰপ্তানি কৰাৰ বাবে ইতিমধ্যে চেষ্টা কৰা হৈছে ৷ অন্যহাতে সম্প্ৰতি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিমান বন্দৰৰ জৰিয়তে বিদেশলৈ অসমৰ শাক পাচলি ৰপ্তানি কৰা চিন্তা চৰ্চাই অসমৰ অৰ্থনৈতিক ক্ষেত্ৰ খনত এক আশাৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে বিভিন্ন মহলে ৷

Next Story
চাকৰি