Begin typing your search above and press return to search.

অসমৰ আবকাৰী বিভাগে প্ৰতিবেশী ৰাজ্যৰ সমৰ্থন বিচাৰিছে

অসমৰ আবকাৰী বিভাগে প্ৰতিবেশী ৰাজ্যৰ সমৰ্থন বিচাৰিছে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 March 2019 8:10 AM GMT

আগন্তুক লোকসভা নিৰ্বাচনত ভোটাৰক আকৰ্ষন কৰিবলৈ বিভিন্ন পন্থা অবলম্বন কৰা পৰিলক্ষিত হৈছে । সুৰাৰ লোভ দেখুৱাই ভোটাক আকৰ্ষিত কৰাৰ ঘটনাও সংঘটিত হোৱাৰ সম্ভাৱনা আছে । সেয়েহে আগন্তুক লোকসভা নিৰ্বাচনত সুৰাৰ লোভ দেখুৱাই ভোটাৰক আকৰ্ষিত কৰিব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে আবকাৰী বিভাগে । এই ক্ষেত্ৰত অসমৰ আবকাৰী বিভাগে সমৰ্থন কৰিবলৈ প্ৰতিবেশী ৰাজ্য নাগালেন্ড, মেঘালয়, অৰুণাচল প্ৰদেশৰ পৰা সহায় বিচাৰিছে ।

২৫ মাৰ্চত অসমৰ আবকাৰী বিভাগৰ আয়ুক্তয়ে নাগালেণ্ড চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰি ৰাজ্য খনত কিমান সুৰাৰ ঘাটি আছে লগতে কিমান সুৰা ৰপ্তানি কৰা হয় সেই তথ্য বিচাৰিছিল। নাগালেণ্ডৰ CSD আৰু অৰ্ধসামৰিক বাহিনীলৈ সচৰাচ অৰুণাচল প্ৰদেশৰ পৰা অসম হৈ কিমান সুৰা পঠিওৱা হয় তাৰ তথ্য বিচাৰিছিল অসমৰ আবকাৰী বিভাগে । এই তথ্যয়ে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সুৰায়ে কিমান প্ৰভাৱ পেলাব সেই সম্পৰ্কে অনুসন্ধান চলাবলৈ সুবিধা হব। আবকাৰী বিভাগে সুৰাৰ লোভ দেখুৱাই ভোটাক আকৰ্ষন কৰাৰ চেষ্টা কৰিছে নেকি সেই সম্পৰ্কে অনুসন্ধান কৰিবলৈ সুবিধা হব বুলি প্ৰকাশ কৰে ।

অসমৰ মাজেৰে নাগালেণ্ডলৈ বৃহৎ পৰিমাণৰ সুৰা সৰবৰাহৰ তথ্যৰ কথাও উল্লেখ কৰে পত্ৰখনত । লগতে অৰুণাচল প্ৰদেশত বহুতো সুৰাৰ গুদাম থকাৰ কথাও প্ৰকাশ কৰিছে ।

লগতে ৰাজ্যৰ আবকাৰী বিভাগে প্ৰকাশ কৰে যে চেন্ট্ৰেল স্কুৱাৰ্ড ফৰ্চ আৰু ফ্লাইঙ স্কুৱাৰ্ড ফৰ্চে সুৰাৰ আমদানি ৰপ্তানিৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ।

আবকাৰী বিভাগে সুৰাৰ ফেক্টৰী আৰু গুদামৰ সকলো তথ্য দিবলৈ নিৰ্দেশ দিয়াৰ লগতে সুৰাৰ বিপনী সমুহৰ খোলা আৰু বন্ধৰ সময়তো তীক্ষ্ণ দৃষ্টি ৰাখিছে । আবকাৰী বিভাগে যিকোনো অভিযোগৰ বাবে এটা ট'ল ফ্ৰি নম্বৰ মুকলি কৰিছে । নম্বৰটো হৈছে- ১৮০০৩৪৫৩৫৪৫।

অসমত ২,০৮৪ খুচুৰা বিক্ৰেতা আছে, ৭৯ গুদাম, ১৪ বটল নিৰ্মাণৰ কোম্পানী, সমগ্ৰ দেশতে ৫৩৯ বিক্ৰেতা, ৪৪ গুদাম আছে ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি