অসমৰ এনআৰচি সম্পৰ্কত মমতা বেনাৰ্জীৰ মন্তব্যৰ বিৰুদ্ধে এজাহাৰ দাখিল

অসমৰ এনআৰচি সম্পৰ্কত মমতা বেনাৰ্জীৰ মন্তব্যৰ বিৰুদ্ধে এজাহাৰ দাখিল
Published on

অসমৰ এনআৰচি চূড়ান্ত খচৰা প্ৰকাশৰ পাছত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উচতনি সুচক মন্তব্যৰ বিৰুদ্ধে ভাৰতীয় জনতা যুৱ মঞ্চই নাহৰকটীয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।সংগঠনটোৰ সদস্য ক্ৰমে দুলীয়াজানৰ জগদীশ সিং,নাহৰকটীয়াৰ চেংগিয়াৰি আৰু জয়পুৰৰ মৃদুল কলিতাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।৩ কোটি ২৯ লাখ লোকৰ আবেদনৰ ভিতৰত ২,৮৯,৮৩,৬৭৭ জন লোকৰ নাম সন্নিবিষ্ট হোৱাৰ বিপৰীতে ৪০,০৭,৭০৮ জনৰ নাম বাদ পৰিছিল।পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰছৰ সচিব মমতা বেনাৰ্জীয়ে বিজেপি চৰকাৰক সমালোচনা কৰি কৈছিল যে এনআৰচি নামত চৰকাৰখনে বেংগলীভাষী জনতাক লক্ষ্য কৰি লৈছে।এয়া এক অমানৱীয় কাৰ্য্য-কলাপ,কেৱল বেংগলীভাষী লোকসকলক এনআৰচি নামত হাৰাশাস্তি কৰা হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com