Begin typing your search above and press return to search.

অসমৰ কৃষ্টি-সংস্কৃতি খাদ্যভাসে পৰ্যটকক আকৰ্ষণ কৰেঃ ব্ৰিটিছ দম্পতী

অসমৰ কৃষ্টি-সংস্কৃতি খাদ্যভাসে পৰ্যটকক আকৰ্ষণ কৰেঃ ব্ৰিটিছ দম্পতী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Oct 2018 7:31 AM GMT

''বিশ্ব বিখ্যাত এশিঙীয়া গঁড় চোৰাং চিকাৰীৰ হাতত নিধন হোৱাতো আমাৰ সকলোৰে বাবে উদ্বিগ্নতাৰ কাৰণ । অসমৰ গঁড় অসমৰে নহয় বিশ্বৰ সম্পদ । সেয়ে এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ বাবে চৰকাৰকে ধৰি সংশ্লিষ্ট সকলো পক্ষই সম্ভৱপৰ প্ৰচেষ্টা হাতত লোৱা উচিত ।'' এই মন্তব্য সুদূৰ ইংলেণ্ডৰ ইয়কশ্বায়াৰৰ পৰা অসম ভ্ৰমণ কৰিবলৈ অহা পৰ্যটক দম্পতী জেনিঠ কোপ'ল আৰু ব্ৰায়ান কোপ'লৰ।

ইষ্টান আইক'নিক টোৰচ এণ্ড ট্ৰেভেলছৰ সঞ্চালক উদিত ভানু বৰঠাকুৰৰ তত্বাৱধানত অসম ভ্ৰমণ কৰা পৰ্যটক দম্পতী হালে আজি নগাঁও প্ৰেছ ক্লাৱত অনুষ্ঠিত সাংবাদিকৰে হোৱা এক অন্তৰংগ অনুষ্ঠানত অসমীয়াৰ অতিথি পৰায়ণতাত সন্তুষ্টি প্ৰকাশ কৰি কয় অসমত অসমীয়া মানুহৰ কৃষ্টি-সংস্কৃতি, আচাৰ-ব্যৱহাৰ, খাদ্যভাস আদিয়ে তেওঁলোকক বাৰে বাৰে আকৰ্ষণ কৰে। সেয়ে তেওঁলোক ইতিমধ্যে তিনিবাৰ অসমলৈ আহিছে আৰু অনাগত সময়তো অসমলৈ অহাৰ ইচ্ছা প্ৰকাশ কৰে ।

ইংৰাজৰ অসমৰ ওপৰত ধাৰণা সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত পৰ্যটক দম্পতী দ্বয়ে কয় যে- ইংৰাজ সকলৰ প্ৰতি অসমৰ মানুহৰ বিদ্বেষ ভাৱ থকা বুলি তেওঁলোকে এক ধাৰণা পুহি ৰাখিছিল যদিও অসমলৈ আহি সেই ধাৰণা অমূলক বুলি বৃট্ৰিছ দম্পতীদ্বয়ে ব্যক্ত কৰে। আনহাতে, অসমত সন্ত্ৰাসবাদী সংগঠন সক্ৰিয় বুলি বহিঃ দেশত প্ৰচাৰিত খবৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ১৭ বাৰ ভাৰত ভ্ৰমণ আৰু তিনিবাৰ অসম ভ্ৰমণৰ কালত কোনো ধৰণৰ সন্ত্ৰাসবাদী সংগঠনৰ ভাবুকিৰ সন্মুখীন হোৱা নাই বুলি স্পষ্ট কৰি কয় যে- কাশ্মীৰত ২০১৬ চনত মাথোঁ‌ তেওঁলোকে এবাৰ এক সন্ত্ৰাসবাদীৰে সন্মুখীন হোৱা বুলি জানিবলৈ দিয়ে।

বৃট্ৰিছ মিউজিয়ামত থকা অসমৰ বৃন্দাবনী বস্ত্ৰৰ কথা সাংবাদিকৰ পৰা জানিবলৈ পাই তেওঁলোকে ইংলেণ্ডলৈ ঘূৰি গ'লে বস্ত্ৰখন চাব বুলি কয়। পৰ্যটক দম্পতী দ্বয়ে অসমকে ধৰি নগাঁৱত পৰ্যটকক আকৰ্ষণ কৰা যথেষ্ট সমল আছে বুলি মন্তব্য কৰি কয়-- অসমৰ জন জাতীয় জীৱন, বনাঞ্চল তথা প্ৰাকৃতিক সৌন্দৰ্যই সকলোকে আকৰ্ষণ কৰে।

ইষ্টান আইক'নিক টোৰচ এণ্ড ট্ৰেভেলছৰ সঞ্চালক উদিত ভানু বৰঠাকুৰে জনোৱা মতে জেনিঠ কোপ'ল এগৰাকী বিশেষভাৱে সক্ষম শিশুৰ বিদ্যালয়ৰ শিক্ষক হোৱাৰ বিপৰীতে ব্ৰায়ান এগৰাকী কাৰিকৰী অভিযন্তা। আজি মত বিনিময় অনুষ্ঠানটোৰ সঞ্চালনা কৰে জ্যেষ্ঠ সাংবাদিক ড০ আবু হানিফাই আৰু আঁ‌ত ধৰে উদিত ভানু বৰঠাকুৰে। উল্লেখ্য যে, ইষ্টান আইক'নিক টোৰচ এণ্ড ট্ৰেভেলছৰ তত্বাৱধানত ইতিপূৰ্বে ইংলেণ্ড, আমেৰিকা, অষ্ট্ৰেলিয়া, জাৰ্মানী আদি বহু দেশৰ পৰ্যটকে অসম ভ্ৰমণ কৰিছে।

Next Story
চাকৰি