অসমৰ কেঁচা সোণলৈ বিশ্বৰ বিৰল সন্মান

তেজপুৰৰ,৪ ডিচেম্বৰ: অসমৰ চাহ বিশ্ব বিখ্যাত এই কথাত কাৰো দ্বিমত নাই।অসমৰ মাটিয়ে চাহক কৰি তুলিছে অনুপম সোৱাদ আৰু গুণযুক্ত।বিশ্বজুৰি থকা অসমৰ চাহৰ শুনাম পুনৰ এবাৰ সকলোৰে আগত উজলি উঠিল। বছৰটোৰ শেষত অসমৰ কেঁচা সোণলৈ যঁচা হল আন এক বিশ্বৰ বিৰল সন্মান৷মু্ম্বাইত অনুষ্ঠিত ষষ্ঠ বিশ্ব চাহ আৰু কফি প্ৰদৰ্শনীত ইণ্ডাষ্ট্ৰি লিডাৰৰ সন্মান আগবঢ়োৱা হয় নাহৰবাৰী টি ফেক্টৰীলৈ৷
২৯ নবেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ নেহেৰু কেন্দ্ৰত অনুষ্ঠিত বিশেষ প্ৰদৰ্শনীত জাপান, চীন, থাইলেণ্ড, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, আমেৰিকা আদি কেবাখনো ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছিল৷ তেজপুৰ ছচিয়েল চাৰ্ভিছ ছচাইটিৰ দ্বাৰা পৰিচালিত শোণিতপুৰ টপীয়াৰ নাহৰবাৰী টি ফেক্টৰীয়ে লাভ কৰে এই বিশেষ বঁটা।নাহৰবাৰী টি ফেক্টৰীৰ হৈ পৰিচালন সঞ্চালক চেবিষ্টিয়ান কে ভি আৰু পৰিচালক প্ৰশান্ত কুমাৰ নাথে এই বঁটা গ্ৰহণ কৰে৷নাহৰবাৰী টি ফেক্টৰীত উৎপাদিত চাহে চলিত বছৰৰ আগষ্ট মাহত হংকঙত বিশ্বৰ সৰ্বোকৃষ্ট চাহৰ খিতাপো কঢ়িবলৈ সক্ষম হৈছিল৷
অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি