অসমৰ কোনো সংবাদ মাধ্যমৰ লোকৰ বিৰুদ্ধে অনুসন্ধানৰ নিৰ্দেশ দিয়া নাই: গৃহ মন্ত্ৰালয়

গৃহ মন্ত্ৰালয়ে স্পষ্টী কৰি দিছে যে অসম চৰকাৰক গৃহ মন্ত্ৰালয়ে অসমৰ সংবাদ মাধ্যমৰ সম্পাদক আৰু সংবাদ কৰ্মীৰ বিৰুদ্ধে অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিয়া নাই ।
"এক সংবাদ শাখায়ে প্ৰকাশ কৰিছিল যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসম চৰকাৰক নাগৰিকত্ব সংশোধনি বিধেয়ক খনৰ বিৰোধিতাৰ কৰাৰ বাবে সম্পাদকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে । এই তথ্য সম্পূৰ্ণ ভিত্তিহীন বুলি শুকুৰবাৰে গৃহ মন্ত্ৰালয়ৰ বিষয়াই প্ৰকাশ কৰে।
লগতে গৃহ মন্ত্ৰালয়ৰ বিষয়াই প্ৰকাশ কৰে যে মহাৰাষ্ট্ৰৰ ৰত্নাগিৰিৰ বিনয় যুচীয়ে ১৪ ফেব্ৰুৱাৰীত CPGRAMS ৰ ওপৰত গৃহ মন্ত্ৰালয়ক এখন ৰাজহুৱা অভিযোগৰ আবেদন দাখিল কৰিছিল । এই আবেদন খনত কোৱা হৈছিল যে নাগৰিকত্ব সংশোধনি বিধেয়ক ২০১৬ বিভিন্ন উগ্ৰপন্থী সংগঠনে পৰিচালিত কৰিছে । আলফা আৰু সংবাদ প্ৰতিস্থানে উগ্ৰপন্থী ভাবধাৰ প্ৰসাৰত উদগনি জনাইছে ।
CPGRAMS ৰ ওপৰত মন্ত্ৰালয়ক প্ৰত্যেক দিনাই বহুতো আবেদন আৰু অভিযোগ নামা দিয়া হয়। ২০১৮ চনত ৩৩,০০০ আবেদন দাখিল কৰিছিল । ইয়াৰে আবেদন সমুহত মন্ত্ৰালয় আৰু ৰাজ্য সমুহলৈ প্ৰৰণ কৰা হয় বুলি প্ৰকাশ কৰে বিষয়ায়ে । বিনয় জুচীৰ আবেদন খন অসম চৰকাৰলৈ প্ৰেৰণ কৰা হৈছিল । কোনো অনুসন্ধানৰ নিৰ্দেশ দিয়া নাই গৃহ মন্ত্ৰালয়ে। বিষয়টোৰ ওপৰত অসম চৰকাৰৰ পৰা কোনো ৰিপোৰ্ট বিচৰা নাই বুলি প্ৰকাশ কৰে।
অসমৰ সংবাদ প্ৰতিস্থানৰ সম্পাদক তথা সংবাদ কৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৃহ মন্ত্ৰালয়ে কোনো নিৰ্দেশ দিয়া নাই ।এয়া সম্পূৰ্ণ ভিত্তিহীন বুলি প্ৰকাশ কৰে । CPGRAMS ৰ ওপৰত দাখিল কৰা আবেদন মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হয় বুলি প্ৰকাশ কৰে ।
অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি