অসমৰ তেলৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শুক্ৰবাৰে কয় যে কেন্দ্ৰই অসমক দক্ষিণ পূব এছিয়াৰ দেশত পেট্ৰ’ল,ডীজেল আৰু অন্য হাইড্ৰ’কাৰ্বন উৎপাদিত সামগ্ৰীৰ কেন্দ্ৰস্থল হিচাপে ৰূপান্তৰিত কৰাৰ কাৰণে উচ্চকাংক্ষী পৰিকল্পনা গ্ৰহণ কৰিছে ৷শুক্ৰবাৰে বিয়লি এখন পঞ্চ তাৰকা হোটেলত আয়োজিত বৈঠকত অসমৰ হাইড্ৰকাৰ্বন পৰিযোজনাৰ সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে মন্ত্ৰ্যালয়ে তেল উৎপাদক কম্পনিসমূহৰ পৰা আৱশ্যকীয় মুনাফা সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে বুলি মন্তব্য কৰে ৷
লগতে মন্ত্ৰী প্ৰধানে কয় ,গুৱাহাটী,ডিগবৈ, আৰু বঙাইগাঁও,নুমলীগড় তেলশোধনাগাৰৰ পৰা বাংলাদেশ,ম্যানমাৰ আৰু ভূটানৰ দৰে চুবুৰীয়া দেশ সমূহলৈ পেট্ৰ’ল,ডীজেল সৰবৰাহ কৰিব পৰা যাব ৷অসমৰ অৰ্থনৈতিক ব্যৱস্থাটোক অধিক শক্তিশালী কৰিবৰ কাৰণে পদক্ষেপ লোৱাৰ ক্ষেত্ৰত উত্তৰ পূবত গেছৰ এক বৃহৎ ভাণ্ডাৰ আছে ৷ প্ৰাথমিক বিকাশৰ কাৰণে এই গেছৰ বিকাশ তথা উপযোগিতাত সক্ষম হোৱাটো অত্যন্ত জৰুৰী ৷ ইফালে তেলৰ কোম্পানীসমূহে অনাগত দিনসমূহত এনেধৰণৰ পদক্ষেপত ১০০০ কোটি টকা বিনিয়োগ কৰিবলৈ সিদ্ধান্ত লৈছে ৷ অন্যহাতে,নাহৰকটীয়া বৰুৱানী ক্ৰুড অইল পাইপ লাইন,গ্ৰীণফিল্ড, ডিগবৈৰ পিঅ’এল,শিলচৰত এলপিজিৰ ক্ষমতা বৃদ্ধি ,বৰহোলাৰ পৰা যোৰহাটলৈ পাইপলাইন সমূহৰ স্থানান্তৰৰ কাৰণে পৰিকল্পনা হাতত লৈছিল ৷
উত্তৰ গুৱাহাটীত এলপিজি জাতীয় বস্তু সমূহৰ প্ৰতিষ্ঠাপন,ক্ষমতা বৃদ্ধি তথা নুমলীগড় আৰু শিৱসাগৰত স্বৰ্গদেও চাওলুঙ চুক্যাফাৰ চিকিৎসালয় স্থাপন কৰিছে ৷লগতে গুৱাহাটীত কেবী মালবীয় ৰাষ্ট্ৰীয় তেল সংগ্ৰাহলয়ৰ কাম আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে ৷ ইফালে, এই সময়তে অসমৰ উদ্যোগ আৰু বাণিজ্যমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে বিজেপি শাসনলৈ অহাৰ পিছত বিভিন্ন ক্ষেত্ৰত ৰাজ্যখনৰ আৰ্থিক অৱস্থাৰ উন্নতি হৈছে ৷ লগতে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে ২০১৮ চনত অসম চৰকাৰৰ দ্বাৰা আয়োজিত বিশ্ব বিনিয়োগ সন্মিলনৰ পিছত ৰাজ্যখনে ৫১.০০০ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে,শুক্ৰবাৰে এই বৈঠকখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত নাছিল ৷
অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি