ভাৰতীয় নতুন দৌৰ ৰানী হিমা দাসক অসমৰ প্ৰথম স্পটচ এম্বেচাদৰ হিচাপে ৰাজ্যৰ কেবিনেটে ঘোষণা কৰিছে।নগাঁও জিলাৰ ধিংৰ বাসিন্ধা হিমা দাসে বিশ্ব এথেলেটিকচ চেম্পিয়নস্বিপত ৪০০ মিটাৰ দৌৰত সোনৰ পদক জয় কৰি অসমৰ লগতে সমগ্ৰ দেশৰ নাম বিশ্ব দৰবাৰত জিলিকাবলৈ সক্ষম হৈছিল।অসম চৰকাৰে হিমা দাসক তেওঁৰ সফলতাৰ বাবে ৫০ লাখ টকা ঘোষণা কৰাৰ লগতে হিমাৰ ধিংস্থিত বাসগৃহত মুখ্যমন্ত্ৰী উপস্থিত হৈ পিতৃ-মাতৃক কন্যাৰ সফলতাৰ বাবে শুভকামনা জনাইছিল। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ প্ৰথম গৰাকী স্পটচ এম্বেচাদৰ হিমা দাসক শুভকামনা জ্ঞাপন কৰে।
Begin typing your search above and press return to search.