Begin typing your search above and press return to search.

অসমৰ পৰিস্কাৰ গাঁওখনত পথ যোগাযোগ ব্যৱস্থাৰ দুৰবস্থা

অসমৰ পৰিস্কাৰ গাঁওখনত পথ যোগাযোগ ব্যৱস্থাৰ দুৰবস্থা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Dec 2018 10:47 AM GMT

অসমৰ ভিতৰত পৰিস্কাৰ গাঁওখনৰ কথা আহিলেই প্ৰথমে মনলৈ আহে ৰঙচাপাৰাৰ কথা। হয়, অসমৰ সেই গাঁওখনৰ কথাই কোৱা হৈছে যিখন গাওঁ দুবছৰ আগতে সংবাদৰ শিৰোণামা দখল কৰিছিল। গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী চকীৰ অন্তৰ্গত ৰঙচাপাৰা গাঁওখনে ২০১৬ চনত অসমৰ ভিতৰত পৰিস্কাৰ গাওঁৰ সন্মান লাভ কৰিছিল। গোৱালপাৰা জিলাৰ আগিয়াৰ পৰা মাত্ৰ পাচ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৰঙচাপাৰা গাঁওখন পৰ্যটনৰ বাবে এক নতুন সম্ভাৱনা হৈ আহিছে। যাতায়তৰ কোনোধৰণৰ সুব্যৱস্থা নথকাৰ পিছতো গাঁওখনত বিভিন্ন ঠাইৰ পৰা পৰ্যটক আহি ভিৰ কৰেহি।

গাঁওখনে লাভ কৰা এই সন্মান এৰাতিৰ ভিতৰতে লাভ কৰা সন্মান নহয়, ইয়াৰ বাবে বহুদিনৰ পৰাই সামাজিক আন্দোলনৰ চলি আহিছিল। ১৯৯০ চনতে স্বচ্ছতাৰ ওপৰত গুৰুত্ব দি এই সামাজিক আন্দোলনে জন্ম লাভ কৰিছিল। সাংবাদিকৰে হোৱা মুখামুখিত গাঁওখনৰ গাঁওবুঢ়া জন মোমিন ৰবাৰ্টে কয় যে "আমাৰ গাঁওখনত ৯২ ঘৰ মানুহ আছে আৰু ইয়াৰ জনসংখ্যা হৈছে ৫১০ জন। গাঁওখনৰ সকলো লোক গাৰো আৰু খ্ৰীষ্টান ধৰ্মৰ। মই গাঁও খনৰ গাঁওবুঢ়া হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে আমি স্বচ্ছতাৰ বাবে এক অভিযান আৰম্ভ কৰিছিলো। আমাৰ প্ৰথম কাম আছিল য'তে ততে পেলোৱা বৰ্জনীয় পদাৰ্থ সমূহৰ ওপৰত।" গাঁওবুঢ়া ৰবাৰ্টে আৰু কয় যে গাঁওখনত ২০০০ চনৰ ভিতৰত সকলো মানুহৰ ঘৰত শৌচালয় নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ ফলত বাহিৰত মলত্যাগ কৰা বন্ধ হৈছিল। ২০১৫ চনত চৰকাৰৰ সহযোগত গাঁওখনৰ সকলো কেঁচা শৌচালয় পকী কৰা হৈছিল। স্বচ্ছ অভিযান গ্ৰহণ কৰাৰ পিছতে সকলো ধৰণৰ নিচাযুক্ত দ্ৰব্য, মাদক দ্ৰব্যৰ ওপৰত গাঁওখনত নিষেধাজ্ঞা জাৰী কৰা হৈছিল। কোনোবাই গাঁওৰ ভিতৰত এইবোৰ বস্তু গ্ৰহণ কৰিলে ব্যক্তিজনক ৫০০০ টকা জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছিল।

২০১৬ চনত অসম চৰকাৰে ৰঙচাপাৰা গাঁওক অসমৰ ভিতৰত পৰিস্কাৰ গাঁওৰ সন্মান প্ৰদান কৰিছিল। গাঁওখনক পৰিস্কাৰ কৰি ৰখাৰ বাবে সমগ্ৰ গাঁওখনতে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা হৈছিল। ডাষ্টবিনৰ ব্যৱহাৰ অনিবাৰ্য কৰি দিয়া হৈছিল গাঁওখনৰ ভিতৰত আৰু লোক সকলে সদায় নিজৰ নিজৰ ঘৰখন আৰু চৌহদ পৰিস্কাৰ কৰি ৰখাটো বাধ্যতামূলক আছিল। ৰাজহুৱা ঠাইবোৰ যেনে ৰাস্তা ঘাট আদি গাঁওখনৰ মহিলা সকলে শনিবাৰে পৰিস্কাৰ কৰিছিল আৰু পুৰুষ সকলে বুধবাৰে পৰিস্কাৰ কৰিছিল। অসমৰ এই পৰ্যটনৰ বিপুল সম্ভাবনা থকা গাঁওখনত কিন্তু এতিয়াও যথেষ্ট সমস্যা আছে। গাঁওখনৰ এতিয়াও কেচা পথ সমূহ পকী কৰণ হবলৈ বাকী আছে। গাঁওখনৰ গাঁওবুঢ়াই কয় যে আমি ইতিমধ্যে জিলা প্ৰশাসনক এই সম্পৰ্কে অৱগত কৰিছো। ৰাস্তা-ঘাটৰ সমস্যা সমূহ সমাধান হলে ভবিষ্যতে অধিক পৰ্যটকৰ সম্ভাবনা মুকলি হৈ পৰিব বুলি আশা কৰা হৈছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি