Begin typing your search above and press return to search.
অসমৰ বাবে ঐতিহাসিক আৰু শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দিন : ছাত্ৰ সন্থা

ঐতিহাসিক ছয়বছৰীয়া অসম আন্দোলনৰ নেতৃত্ববহন কৰা সদৌ অসম ছাত্ৰ সন্থাই কৈছে যে এনআৰচি চূড়ান্ত খচৰা প্ৰকাশৰ দিনতো অসমৰ বাবে ঐতিহাসিক দিন আৰু অসম আন্দোলনত শ্বহীদ হোৱা ৮৫৫ জন শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ দিন।সদৌ অসম ছাত্ৰ সন্থাৰ মুখপাত্ৰ ড° সমুজ্জল ভট্টাচাৰ্য্যই কয় যে চৰকাৰে বাংলাদেশী প্ৰবজনকাৰী ৰোধ কৰিবৰ বাবে ভাৰত-বাংলাদেশ সীমান্ত চীল কৰিবলৈ সক্ষম হোৱা নাই যদিও এনআৰচি চূড়ান্ত খচৰা প্ৰকাশ কৰি বাংলাদেশী মুক্ত অসম গঢ়াৰ ক্ষেত্ৰত ইতিবাচক আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথ আৰু সাধাৰন সম্পাদক লুৰিন জ্যোতি গগৈয়ে কয় যে এনআৰচি হৈছে খিলঞ্জীয়া লোকসকলৰ চিনাকী আৰু ৰক্ষা কবচ,এনআৰচিৰ জড়িয়তে যদি চৰকাৰে বাংলাদেশী মুক্ত অসম গঢ়িব পাৰে তেতিয়া অসম আন্দোলনত শ্বহীদ হোৱা ৮৫৫ জন শ্বহীদে ন্যায় লাভ কৰিব।
Next Story