Begin typing your search above and press return to search.

অসমৰ ভূমিপুত্ৰসকল কিমান সুৰক্ষিত?

অসমৰ ভূমিপুত্ৰসকল কিমান সুৰক্ষিত?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Feb 2019 8:30 AM GMT

অসমৰ ভূমিপুত্ৰ সকল কিমান সুৰক্ষিত ? মংগলবাৰে অসম বিধানসভাত অসমৰ ভূমি অধিকাৰ সন্দৰ্ভত এক দীঘলীয়া প্ৰস্তাৱ আলোচনা কৰা দেখা গ’ল ৷আলোচনাত ভাগ লৈ জোনাইৰ বিধায়ক ভূবন পেগুৱে কয় যে,জোনাইৰ স্থানীয় লোকসকল য’ত বাস কৰে,সেই লোকসকলৰ লগত তেওঁলোকৰ ভূমি পত্তা নাই ৷ৰাজ্যৰ ৰাজহ বিভাগৰ ভূমি পত্তা দিয়াৰ প্ৰক্ৰিয়াটো সুবিধাজনক নহয়। সেই লোকসকল ভূমি অধিকাৰৰ উপৰিও চৰকাৰী সুবিধাসমূহৰ পৰা বঞ্চিত হৈ আছে ৷

বিধায়কজনে মন্তব্য কৰে যে চিলাপথাৰ চহৰত বহু স্বদেশী লোকৰ লগত সম্প্ৰতি ভূমি নাই ৷ নিজৰ পৈতিক সম্প্ৰতি সন্দৰ্ভত ভূবন পেগুৱে কয় যে মোৰ নিজৰ পৈতৃক সম্পত্তি চিলাপথাৰত আছে যদিও মোৰ লগত ভূমিৰ কোনো উচিত দস্তাবেজ নাই ।যেতিয়া এই সম্পৰ্কীয় দলিল ৰাজহ বিভাগলৈ প্ৰেৰণ কৰা হয় তেতিয়া সেই দলিলসমূহ ৰঙা ফিটাৰ মাজতেই আৱদ্ধ থাকে ৷ ইফালে,বিজেপিৰ ধেমাজীৰ বিধায়ক ৰনোজ পেগুৱে কয় যে এলএচিৰ বহু সংখ্যক লোক ভূমিহীন ৷গতিকে এই লোকসকলৰ মৌলিক অধিকাৰ উলংঘন কৰা হৈছে ৷মোৰ এলএচিৰ কিছু সংখ্যক স্থানত অৰণ্য কাৰণে জনাজাত ৷ যদিও তেওঁলোকৰ ওচৰত কোনো ভূমি নাই৷ তেওঁলোক যিটো অঞ্চলত বাস কৰে সেই অঞ্চলটো বন বিভাগৰ অধীনত ৷সেই অঞ্চলত বাস কৰা সকলো লোককে ভূমি পত্তা প্ৰদান কৰিব লাগে ৷ডিব্ৰু চৈখোৱাত থকা দুখন গাওঁ লাইকা আৰু দঢ়িয়া ১৯৫০ চনৰ পৰা আছে ৷

উল্লেখ্য যে এই গাওঁ দুখনৰ বাসিন্দাৰ ওচৰত ভূমি পত্তা নাই ৷যদি তেওঁলোকক ৰাষ্ট্ৰীয় উদঘাটন ক্ষেত্ৰৰ বাহিৰত আৱশ্যক হ’লে ভূমি পত্তা প্ৰদান কৰিব পাৰে ।অন্যহাতে বিধানসভাৰ পূৰ্বৰ অধিবেশনত বিধায়ক ৰবীৰাম নাৰ্জাৰী আৰু বিনোদ হাজৰিকাও এই সন্দৰ্ভত আলোচনা কৰিছিল।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি