অসমৰ সকলো জনজাতি আৰু জনগোষ্ঠীসকলৰ সাংস্কৃতিক বিকাশ হ’ব লাগেঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

অসমৰ সকলো জনজাতি আৰু জনগোষ্ঠীসকলৰ সংস্কৃতিক বিশ্বত শক্তিশালী ৰপত প্ৰতিস্থিত হ’ব লাগে ৷ লগতে বিকাশৰ গতি ক্ষিপ্ৰ হ’ব লাগে । মিচিং ভাষাক ৰাজ্যৰ প্ৰাথমিক আৰু বিদ্যালয়সমূহত মান্যতা দিয়াৰ বিষয়টো বিচাৰ বিবেচনা কৰাৰ আৱশ্যকতা আছে ৷ এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিগত মিচিং আগম কাবাঙত প্ৰদান কৰিছিল ৷ ২৫ এপ্ৰিলৰ পৰা ২৮ এপ্ৰিললৈ মাজুলীত ৰতনপুৰ মিৰি ক্ষেত্ৰৰ অন্তৰ্গত তৰুণ চন্দ্ৰ পামেগাম ল’টাত আয়োজন কৰা হৈছিল এই অনুষ্ঠান৷
অৱশ্যে এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিল যদিও অনুকুল বতৰৰ কাৰণে অনুষ্ঠানটোত ভাগ ল’ব নোৱাৰিলে৷ সেয়েহে অনুষ্ঠানৰ কৰ্মকৰ্তাসকললৈ এটি অডিঅ’ বাৰ্তা প্ৰেৰণ কৰে সোনোৱালে ৷ আৰু বহু গণ্য মান্য ব্যক্তিৰ উপস্থিতি মুখ্যমন্ত্ৰী সোনোৱালে সকলোলোককে সম্বোধিত কৰে ৷ মুখ্যমন্ত্ৰী সোনোৱালে কয় যে ৰাজ্য চৰকাৰে অন্যান্য জাতি জনগোষ্ঠীসকলৰ লগতে মিচিং সকলৰ ভাষা, সাহিত্য,সংস্কৃতিৰ বিকাশৰ কাৰণে উৎসুকতা প্ৰকাশ কৰি আহিছে ৷
২৩ সংখ্যক মিচিং আগম কাবাঙৰ অন্ত পৰে দেওবাৰে। এই অনুষ্ঠানৰ অন্তত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। য’ত বিভিন্ন জাতি জনজাতিৰ লগতে মিচিং আৰু অসমীয়াৰ জাতিৰ বিভিন্ন সাংস্কৃতিক বিশেষত্ব দেখিবলৈ পোৱা যায়। ইফালে অনুষ্ঠানটোৰ ৰেলী উৎঘাটন কৰে মিচিং ডিৰবি কাবেঙৰ উপাধ্যক্ষ ড° পবিত্ৰ কুমাৰ পেগুয়ে ৷
অনুষ্ঠানটোৰ আৰম্ভনি হয় জেংৰাইমুখ নিটাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ এটি কোৰাছেৰে ৷ অনুষ্ঠানটিৰ উৎঘাটন কৰে মিচিং আগম কাবেঙৰ প্ৰাক্তন সভাপতি ড° ঘন কান্ত লাগাচুয়ে। নিজৰ মন্তব্যত তেওঁ মিচিং ভাষা,সংস্কৃতি আৰু সাহিত্যৰ প্ৰগতিৰ কাৰণে চৰকাৰৰ সংৰক্ষণৰ সন্দৰ্ভত আশা ব্যক্ত কৰে ৷মিচিং ভাষাক বিদ্যালয়ত শিক্ষাৰ মাধ্যমত মান্যতা প্ৰদান কৰিলেও,মিচিং ভাষাই অসমীয়া ভাষাত কেতিয়াও প্ৰভাৱ নেপেলায় ৷
ইয়াৰ দ্বাৰা অসমীয়া ভাষাৰ লগতে মিচিং ভাষাও বিকাশৰ পথত আগবাঢ়ি যোৱাৰ কথা উল্লেখ কৰে মিচিং আগম কাবাঙৰ প্ৰাক্তন সভাপতি ড° ঘনকান্ত লাগাচুয়ে ৷ অন্যহাতে অনুষ্ঠানটিত মেকৰ প্ৰাক্তন সভাপতি ড° বিদ্যাশ্বৰ দ’লে,সভাপতি ফণীধৰ টাইডে নিজৰ ভাষন প্ৰদান কৰে ৷ ইয়াৰোপৰি অনুষ্ঠানটিত দেৰগাঁৱৰ বিধায়ক ভবেন ভৰাঁলী, সুনিল কুমাৰ পেগু,পৰমানন্দ চায়েংগীয়া, মিচিং আগম কাবেঙৰ বহু বিশিষ্ঠ লোক উপস্থিত আছিল ৷
অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি