Begin typing your search above and press return to search.

অসমৰ সামাজিক-ৰাজনৈতিক ঘটনাৱলীত বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ প্ৰতিক্ৰিয়া

অসমৰ সামাজিক-ৰাজনৈতিক ঘটনাৱলীত বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Oct 2018 9:58 AM GMT

বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজে অসমৰ সাম্প্ৰতিক সামাজিক-ৰাজনৈতিক ঘটনাৱলীত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। অসমৰ জনজীৱনলৈ ভয়াবহ অমানিশা নমাই অনা ‘নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬’ৰ পক্ষত আকোৰগোজ হৈ ইয়াক আইনত পৰিণত কৰিবলৈ অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ঘৃণনীয় প্ৰচেষ্টা হাতত লৈছে। এই চৰকাৰী যন্ত্ৰটোৰ পৃষ্ঠপোষকতাত এচামে অসমত ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰি ৰাজনৈতিক মুনাফা লুটিবলৈ সৰ্বততোপ্ৰকাৰে সাজু হৈছে। অহা ১৭ নৱেম্বৰত খানাপাৰাত কেইবাটাও সংগঠনে এন.আৰ.চিৰ বিৰোধিতা আৰু নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬ৰ সমৰ্থনত জনোৱা সমাৱেশৰ আহ্বান আৰু তাৰ বিৰুদ্ধে আন বহু সংগঠনে উক্ত সমাবেশ বিফল কৰিবলৈ গুৱাহাটী অবৰোধৰ ঘোষণাই অসমৰ সচেতন নাগৰিক সমাজক সচকিত কৰি তুলিছে। বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজে এনে উদ্বেগজনক পৰিস্থিতিৰ অৱসান ঘটাবলৈ ১৭ নৱেম্বৰৰ উক্ত সমাবেশৰ কাৰণে কোনো কাৰণতে অনুমতি নিদিবলৈ চৰকাৰক দাবী জনায়।

অসমত সংঘটিত হ’বলৈ ধৰা ক্ৰমবৰ্ধমান ধৰ্মীয় অহিষ্ণুতাত বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইতিমধ্যে স্বয়ং উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ দৰে সাম্প্ৰদায়িক সংগঠনৰ লগ হৈ গীৰ্জা আৰু খৃষ্ট ধৰ্মৰ বিৰুদ্ধে যি নিন্দনীয় কৰ্ম-কাণ্ডত জড়িত হৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ “পৰৰ ধৰ্মক নিহিংসিবা কদাচিত” - এই শিক্ষা ভৰিৰে মোহাৰি পেলাইছে তাত অসমৰ সকলো শ্ৰেণীৰ লোক স্তম্ভিত হৈছে। বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজে অনুভৱ কৰে যে সত্ৰানু্ষ্ঠানসমূহে মধ্যযুগীয় বৰ্ণবাদী আচৰণ ত্যাগ কৰি থলুৱা জনজাতীয় লোকসকলক উদাৰ শংকৰী কৃষ্টি-সংস্কৃতিৰে বুকুৰ আপোন কৰি লোৱাৰ মানসিকতা গ্ৰহণ কৰিব নোৱাৰিলে ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া ৰোধ কৰিব নোৱাৰিব। আনহাতে কেৰেলাৰ সৱৰিমালা মন্দিৰত সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছতো নাৰী অধিকাৰ ৰহিত কৰি মহিলাৰ প্ৰৱেশ সম্পৰ্কীয় সংঘাতে যাতে অসমতো তেনে সংঘাতময় পৰিৱেশ সূচনা কৰিব নোৱাৰে তাৰ বাবে সকলো পক্ষকে আহ্বান জনায়।

অসমত সকলো সময়তে সাম্প্ৰদায়িক উচতনি আৰু সংঘাত সৃ্ষ্টিৰ লক্ষ্য আগত ৰাখি বিতৰ্কিত বক্তব্য আগবঢ়াই সততে প্ৰচাৰ মাধ্যমৰ দৃষ্টি কাঢ়ি লোৱা হোজাই সমষ্টিৰ বিধায়কজনে সাম্প্ৰতিক “আলফাই ঈদৰ সময়ত বোমা ফুটাই সাহসৰ পৰিচয় দিয়ক” –শীৰ্ষক বক্তব্য আগবঢ়াই যি নজীৰবিহীন আচৰণ দেখুৱালে তাত প্ৰতিজন সচেতন নাগৰিক ক্ষোভত ফাটি পৰিছে। এজন জনপ্ৰতিনিধিৰ এনে ঔদ্ধত্যৰ প্ৰতি দেশৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মৌন সন্মতি দিয়াৰ সলনি সমুচিত শাস্তি প্ৰদান কৰি বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰখনৰ গৰিমা আৰু অধিক ভূলুণ্ঠিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ দাবী জনায়।

Next Story
চাকৰি