Begin typing your search above and press return to search.

অসমৰ সীমান্ত অঞ্চলৰ জনসাধাৰণৰ শোচনীয় অৱস্থা, কেতিয়া সাৰ পাব দিশপুৰ চৰকাৰ?

অসমৰ সীমান্ত অঞ্চলৰ জনসাধাৰণৰ শোচনীয় অৱস্থা,   কেতিয়া সাৰ পাব দিশপুৰ চৰকাৰ?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Dec 2018 9:44 AM GMT

অসমৰ ওচৰ চুবুৰীয়া ৰাজ্যৰ লগত থকা সীমান্ত অঞ্চলৰ জনসাধাৰণে এক অবৰ্ণণীয় পৰিবেশৰ মাজত জীয়াই আছে। অসম আৰু অৰুণাচল সীমান্তৰ শদিয়াৰ হংসকাতি আৰু টেঙাপানী গাওঁৰ জনসাধাৰণে ওচৰ চুবুৰীয়া ৰাজ্যৰ লগত নিজকে অন্তৰ্ভূক্ত কৰিব বিচাৰিছে। অসম আৰু মেঘালয়ৰ গোৱালপাৰা জিলাৰ অন্তৰ্গত কৃষ্ণাই আৰক্ষী চকীৰ অন্তৰ্গত বেলপাৰা, বাবুকোনা আৰু কাৰদং গাওঁৰ পৰিবেশ অতি ভয়াবহ। এই গাওঁৰ জনসাধাৰণে

অসম এৰি মেঘালয়ৰ লগত সংযুক্ত হব বিচাৰিছে। অসমৰ ৰাজ্যৰ চৰকাৰ খনে সীমান্ত অঞ্চলৰ জনসাধাৰণক দীৰ্ঘদিন ধৰি বঞ্চনা কৰি আহিছে। দিশপুৰ চৰকাৰ খনে তেওঁলোকক বিজুলী সংযোগ, পানী যোগানৰ সুব্যৱস্থা, যাতায়তৰ সঠিক পথ ব্যৱস্থা আৰু স্বাস্থ্য খণ্ডৰ কোনোধৰণৰ ব্যৱস্থা নকৰাকৈ এইখিনি জনসাধাৰণক ঠগাই আহিছে। যিকোনো এজন সাধাৰণ লোকেই অসমৰ সীমান্ত অঞ্চল সমূহ ভ্ৰমণ কৰিলেই এই অঞ্চল সমূহত নিম্নতম

সুবিধাৰ প্ৰয়োজনৰ অভাৱ অনুভব কৰিব।

অসমৰ এই অঞ্চলৰ বিপৰীতে ইয়াৰ সীমান্ত ৰাজ্য সমূহৰ এক বিপৰীত ছবিহে দেখিবলৈ পোৱা যায়। সীমান্ত ৰাজ্য সমূহৰ অঞ্চল সমূহত জীৱন ধাৰণৰ বাবে থাকিবলগীয়া প্ৰয়োজনীয় ব্যৱস্থা সমূহ যেনে বিজুলী সংযোগ, পানী যোগান, পথ যোগাযোগ ব্যৱস্থা, বিদ্যালয় গৃহ, চিকিৎসালয় আদিৰ সকোলো ধৰণৰ সুবিধা আছে। অসম আৰু অৰুণাচল সীমান্তৰ হংসকাতি আৰু টেঙাপানী গাওঁদুখন ১৯৬৮ চনত ৰাজহখণ্ডৰ অন্তৰ্গত গাওঁ হিচাপে গঠন কৰা হৈছিল আৰু তেতিয়াৰে পৰা এই গাওঁদুখনত জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় মৌলিক উপাদানৰ অভাৱ হৈ আহিছে। এই গাঁও দুখনৰ বাসিন্দা সকলে যেতিয়া অসম সীমান্তৰ সীপাৰে উন্নয়ণ দেখা পায় তেতিয়া দুখত ভাগি পৰে।অসম আৰু মেঘালয়ৰ সীমান্তবৰ্তী বাবুকোনা আৰু কাৰডাং গাওঁ দুখনৰ অৱস্থাও একে। অসম চৰকাৰৰ ফালৰ পৰা এই অঞ্চল সমূহত কোনো বিকাশ আজি পৰ্য্যন্ত নোহোৱা কাৰণে অঞ্চলটোৰ জনসাধাৰণে অসমৰ পৰা ফালৰি কাটি মেঘালয়ৰ লগত যুক্ত হব বিছাৰিছে কাৰণ মেঘালয় চৰকাৰে তেওঁলোকক সকলো প্ৰকাৰৰ সুবিধা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। চুবুৰীয়া ৰাজ্য মেঘালয়ে ইতিমধ্যে সেই অনুন্নত অঞ্চল সমূহত বিদ্যালয় গৃহ, স্বাস্থ্য কেন্দ্ৰ আদি গঢ়ি তুলিছে আৰু এনেদৰেই অসমৰ ভূমি দখল কৰি মেঘালয়ে অসমৰ জনসাধাৰণক নিজৰ কৰি লোৱাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি স্থানীয় জনসাধাৰণে মত প্ৰকাশ কৰিছে।

অসম আৰু মেঘালয়ৰ মাজৰ লুম্পিক কেন্দ্ৰ কৰি চলি থকা সীমা বিবাদৰ কথা সকলোৱে জানে। যদিহে অসমৰ আৰু মেঘালয়ৰ অন্যান্য প্ৰান্ততো মেঘালয়ৰ এনে ধৰণৰ উন্নয়ণশীল কাম-কাজ অব্যাহত থাকে আৰু অসম চৰকাৰৰ উদাশীনতা চলি থাকে তেন্তে অনাগত দিনত আৰু অধিক লুম্পি কেন্দ্ৰীক ঘটনাৰ সৃষ্টি হোৱাটো স্পষ্ট। অসমৰ সীমান্ত অঞ্চস সমূহৰ অৱস্থা বহু দশক ধৰি এনেধৰণেই পৰি আছে, দিশপুৰৰ দায়িত্বশীল চৰকাৰ খনে বিগত দশক সমূহত এই ক্ষেত্ৰত কোনো ধৰণৰ কাম নকৰিলে। এতিয়া আটাইতকৈ লক্ষ্যণীয় কথাটো হৈছে বৰ্তমানৰ বিজেপি শাসনাধিষ্ট চৰকাৰ খনে সীমান্ত অঞ্চলৰ উন্নয়ণৰ বাবে কেনে ধৰণৰ কাৰ্য্যপন্থা অনাদত দিনত গ্ৰহণ কৰে সেই কথা লক্ষ্যণীয় হব।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি