Begin typing your search above and press return to search.

অসমৰ ৪৮৭০ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিপদজনক গৃহত শিক্ষাগ্ৰহণ কৰে

অসমৰ ৪৮৭০ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিপদজনক গৃহত শিক্ষাগ্ৰহণ কৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Dec 2018 8:18 AM GMT

অসম সৰ্বশিক্ষা অভিযানে চলোৱা এক মূল্যাংকনত অসমৰ ৪৮৭০ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিপদজনক গৃহত শিক্ষাগ্ৰহণ কৰে বুলি তথ্য প্ৰকাশ পায়। অসম সৰ্বশিক্ষা অভিযানে বিদ্যালয় গৃহ সমূহৰ সুৰক্ষাৰ দিশৰ ওপৰত ১০ খন জিলাৰ ১৬৫২৪ খন চৰকাৰী বিদ্যালয়ত চলোৱা এক মূল্যাংকনত প্ৰকাশ কৰে যে ৪৮৭০ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে সুৰক্ষাৰ ক্ষেত্ৰত নিশ্চয়তা নথকা বিপদজনক বিদ্যালয় গৃহত পাঠগ্ৰহণ কৰে। এই বিদ্যালয় গৃহ সমূহত প্ৰাকৃতিক দুৰ্যোগ যেনে ভূমিকম্প আদিৰ কোনো প্ৰতিৰোধী ব্যৱস্থা নাই। কামৰূপ মেট্ৰতো এনেধৰণৰ বহু বিপদজনক বিদ্যালয় গৃহ আছে।

বিপদজনক বিদ্যালয় গৃহ থকা আন আন জিলা সমূহ হৈছে ক্ৰমে বৰপেটা, ধুবুৰী, ডিব্ৰুগড়, গোলাঘাট, হাইলাকাণ্ডি, যোৰহাট, মৰিগাওঁ, শিৱসাগৰ আৰু তিনিচুকীয়া। এইকেইখন জিলাৰ বহু বিদ্যালয়ত সৰ্বশিক্ষা অভিযানৰ আৰ্হিত উল্লেখ থকা নিৰাপত্তাৰ মানদণ্ড সমূহৰ অভাব পৰিলক্ষিত হৈছে।কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা সৰ্বশিক্ষা অভিযান কাৰ্যক্ৰমে ২০০০-২০০১ চনৰ পৰা ৬ বছৰৰ পৰা ১৪ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া শিক্ষাৰ বাবে কাম কৰি আহিছে। সৰ্বশিক্ষা অভিযানে ৰাজ্য চৰকাৰ সমূহৰ লগতো অংশীদাৰি হিচাপে দেশত শিক্ষাৰ প্ৰসাৰৰ বাবে কাম কৰি আছে।

এজন শিক্ষকে কোৱা মতে বিদ্যালয় গৃহ সমূহৰ নিয়মীয়া মেৰামতিৰ অভাবৰ বাবেই বিপদজনক অবস্থাৰ সৃষ্টি হৈছে,তাৰোপৰি অসমত প্ৰতিবছৰে বানপানীৰ প্ৰাদুৰ্ভাব আছেই।সৰ্বশিক্ষা অভিযানৰ ৬.৪.৭ নম্বৰ আৰ্হিত উল্লেখ থকা মতে বিদ্যালয় সমূহত প্ৰাকৃতিক দুৰ্যোগ প্ৰতিৰোধী ব্যৱস্থা থাকিব লাগে যাতে ছাত্ৰ-ছাত্ৰী সকলে এক নিৰাপদ আৰু সুস্থ পৰিবেশত শিক্ষা গ্ৰহণ কৰিব পাৰে। শিক্ষা বিভাগৰ পৰা প্ৰকাশ কৰা তথ্য মতে বিপদজনক ৰূপে চিনাক্ত কৰা বিদ্যালয় সমূহৰ বেছিভাগে গৃহ নিৰাপত্তাৰ আৰ্হি সমূহ পালন কৰা নাই আৰু অধিকাংশ বিদ্যালয় গৃহ পুৰণি। এই বিদ্যালয় গৃহ সমূহ পুনৰ নিৰ্মান আৰু মেৰামতি কৰাৰ প্ৰয়োজন হৈছে। অসম চৰকাৰ আৰু অসম সৰ্বশিক্ষা অভিযানে ৰাজ্যিক গড়কপ্তানী বিভাগৰ লগত আলোচনা কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি বিভাগৰ তৰফৰ পৰা সদৰী কৰে।

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

Next Story
চাকৰি