Begin typing your search above and press return to search.

অসম অশান্ত কৰা বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হ'ল লোকসভাত

অসম অশান্ত কৰা বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হল লোকসভাত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Jan 2019 7:05 AM GMT

কংগ্ৰেছ আৰু ত্ৰিণামূল কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদৰ পিছতো লোকসভাৰ মজিয়াত মংগলবাৰে গৃহীত কৰা হ'ল বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬। মংগলবাৰে ৰাতিপুৱা লোকসভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে নাগৰিকত্ব সংশোধনী বিধেয়ক খন উত্থাপন কৰে। নাগৰিকত্ব সংশোধনী বিধেয়ক খনে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগত আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা ছয়টা সংখ্যালঘু হিন্দু, শিখ, জৈন, বৌদ্ধ, খ্ৰ্ৰীষ্টান আৰু পাৰ্চি ধৰ্মৰ লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব।

বিধেয়ক খন সন্দৰ্ভত ৰাজনাথ সিঙে কয় যে এই বিধেয়ক খন কেবল মাত্ৰ অসমৰ ক্ষেত্ৰতে নহয় ভাৰতৰ অন্য ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহতো প্ৰযোজ্য হব। বিধেয়ক খনৰ হিতাধিকাৰী সকলে ভাৰত বৰ্ষৰ যিকোনো ৰাজ্যতে বাস কৰিব পাৰিব। নিগৃহীত অনুপ্ৰবেশকাৰী সকলৰ বোজা গোটেই দেশতে ভগাই দিয়া হব। অসমে অকলে এই বোজা গ্ৰহণ কৰিব নালাগে, ভাৰত চৰকাৰে অসম চৰকাৰ আৰু অসমৰ জনসাধাৰণক সকলো প্ৰকাৰৰ সহযোগিতা কৰাৰ বাবে বদ্ধপৰিকৰ বুলি ৰাজনাথ সিঙে কয়। বিধেয়ক খন সন্দৰ্ভত হোৱা ভূল বাখ্যা সম্পৰ্কে ৰাজনাথ সিঙে কয় যে ছয়টা ধৰ্মীয় সংখ্যালঘু গোটে তেওঁলোকৰ দেশত অভাৱনীয় নিৰ্যাতনৰ সন্মুখিন হৈ আহিছে। ৰাজনাথ সিঙে আকৌ কয় যে নিজৰ দেশত নিৰ্যাতনৰ সন্মুখিন হোৱা এই ধৰ্মীয় সংখ্যালঘু গোট সমূহৰ ভাৰতৰ বাহিৰে যাবলৈ অন্য কোনো ঠাই নাই, নাগৰিকত্ব সংশোধনী বিধেয়ক খনে পশ্চিম সীমান্তৰে ভাৰতৰ গুজৰাট, ৰাজস্থান, দিল্লী আৰু মধ্যপ্ৰদেশ আদি ৰাজ্যত প্ৰবেশ কৰা সংখ্যালঘু গোট সমূহক সাহায্য প্ৰদান কৰিব। এই অনুপ্ৰেৱশকাৰী সকলক ইয়াৰ পূৰ্বেও ২০১৫-১৬ চনত দীৰ্ঘম্যাদী ভিছাৰ জৰিয়তে নিৰাপত্তা প্ৰদান কৰা হৈছিল। সংশোধনী বিধেয়ক খনৰ জৰিয়তে এই লোক সকলে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব আৰু নিৰ্দিষ্ট নিৰীক্ষণৰ পিছত জিলা আৰু ৰাজ্য চৰকাৰৰ অনুমোদন মৰ্মে লোক সকলক নাগৰিকত্ব প্ৰদান কৰা হব। দেশৰ সাধাৰণ নাগৰিকত্ব লাভৰ বাবে প্ৰয়োজনীয় ১২ বছৰৰ পৰিবৰ্তে এই বিধেয়কৰ জৰিয়তে ৭ বছৰলৈ হ্ৰাস কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী জনে অসমৰ জনসাধাৰণক প্ৰশাসনিক, সাংবিধানিক আৰু বিধায়িনি নিৰাপত্তা প্ৰদান কৰাৰ বাবে আৰু অসমীয়া খিলঞ্জীয়া জনসাধাৰণক ভাষিক, সাংস্কৃতিক সুৰক্ষা প্ৰদান কৰাৰ বাবে অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰীকৰণ কৰাৰ বাবে বৰ্তমানৰ চৰকাৰ খন আগ্ৰহী বুলি উল্লেখ কৰে। অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰীকৰণ কৰাৰ বাবে অলপতে কেন্দ্ৰীয় কেবিনেটে অসমৰ বিভিন্ন ক্ষেত্ৰৰ লোক সকলক লৈ এখন উচ্চস্তৰীয় সমিতি গঠন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। অসমৰ জনসাধাৰণৰ বিধান সভাত সংৰক্ষণ, চাকৰিৰ ক্ষেত্ৰত থাকিব লগীয়া সংৰক্ষণ আদি ক্ষেত্ৰত প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে সমিতিখনক ছয়মাহ সময় সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি