অসম-অৰুণাচল সীমাত গহপুৰ ছাত্ৰ সন্থাৰ পৰ্যবেক্ষণ

অসম-অৰুণাচল সীমাত গহপুৰ ছাত্ৰ সন্থাৰ পৰ্যবেক্ষণ
Published on

বাংলাদেশীৰ চৰনিয়া পথাৰলৈ পৰিনত হোৱা অসমৰ এনআৰচি প্ৰকাশৰ পাছতেই চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ছাত্র সন্থাৰ ফালৰ পৰা অৰুণাচল প্ৰদেশত সন্দেহযুক্ত নাগৰিকক বিতাৰণৰ পদক্ষেপ । ৮ শতাধিক বাংলাদেশীয়ে অৰুণাচল প্ৰদেশৰ পৰা পলায়ন কৰি অসমত প্ৰৱেশ কৰাত এতিয়া চুবুৰীয়া ৰাজ্য সমূহৰ ডাষ্টবিনলৈ পৰিণত হৈছে অসম।

সন্দেহযুক্ত নাগৰিক অসমত প্ৰৱেশ কৰা পূৰ্ব আশাংকাৰ ভিত্তি ত গহপুৰ মহকুমা প্ৰশাসন আৰু বিশ্বনাথ জিলা প্ৰশাসনক ৪ আগষ্ট ২০১৮ তাৰিখতে গহপুৰ আছুয়ে স্মাৰক পত্ৰ প্ৰদান কৰিছিল কিন্তু প্ৰশাসনে কোনোধৰনৰ ব্যৱস্থা লোৱা দেখা নগল।

গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰা আৰু পূৱ ছয়দুৱাৰ অাঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বিক্ৰমজিৎ ভূঞাৰ নেতৃত্বত যোৱা সংগঠনটোৰ শতাধিক সদস্যই কেম্প প্ৰতিস্থা কৰি যাতে সন্দেহযুক্ত নাগৰিক অসমত প্ৰবেশ কৰিব নোৱাৰে তাৰ বাবে পৰ্যবেক্ষন কৰে।সংগঠনটোৰ এই পদক্ষেপক স্থানীয় ৰাইজে আদৰনি জনাইছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com