Begin typing your search above and press return to search.

অসম আৰক্ষীত ব্যপক ৰদবদল

অসম আৰক্ষীত ব্যপক ৰদবদল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Jan 2019 7:37 AM GMT

অসম আৰক্ষীত ব্যপক সালসলনি। শুক্ৰবাৰে অসম চৰকাৰে অসম আৰক্ষী বিভাগত আৰক্ষী অধীক্ষককে ধৰি ভালেমান উচ্চপৰ্য্যায়ৰ বিষয়াক বদলি কৰি নতুন দায়িত্বভাৰ অৰ্পন কৰিছে আৰু বহু আৰক্ষী বিষয়াক পদন্নোতি দি আৰক্ষী অধীক্ষকৰ পৰা উপ-মহাপৰিদৰ্শক হিচাপে নিযুক্তি প্ৰদান কৰিছে। সেইমৰ্মে কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক ভিএছপি গঞ্জালাক শোনিতপুৰলৈ পদোন্নতি দি বদলি কৰিছে, শোণিতপুৰৰ আৰক্ষী অধীক্ষক এচপি পৃথিপাল সিঙক উপ-মহাপৰিদৰ্শক হিচাপে নিযুক্তি দি বদলি কৰিছে।

বিশেষ শাখাৰ আৰক্ষী অধীক্ষক শুভাশিনি শংকৰনক ডিব্ৰুগড়ৰ আৰক্ষী অধিক্ষক হিচাপে বদলি কৰিছে। ২৬ সংখ্যক এপি(আইআৰ) বেটেলিয়নৰ অধিনায়ক সত্যৰাজ হাজৰিকাক পদোন্নতি দি বিটিএডিৰ উপ-মহাপৰিদৰ্শক হিচাপে নিযুক্তি প্ৰদান কৰিছে, ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক গৌতম বৰাক ১০ সংখ্যক এপিবিএনৰ অধিনায়ক হিচাপে,ডিমা হাচাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পুচৰাজ সিঙক গোলাঘাটৰ আৰক্ষী অধীক্ষক হিচাপে, গোলাঘাটৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱ ৰয়ক কৰিমগঞ্জৰ আৰক্ষী হিচাপে, কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ক কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰিছে। ইয়াৰ উপৰিও বাকছাৰ আৰক্ষী অধীক্ষক বিনয় কলিতাক ৩ সংখ্যক এপটিএফ বেটেলিয়নৰ অধিনায়ক হিচাপে, লক্ষিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে খাজুৱাবেল, লক্ষীমপুৰৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙক চিৰাংৰ আৰক্ষী অধীক্ষক হিচাপে, চিৰাংৰ আৰক্ষী অধীক্ষক যুৱৰাজক ধুবুৰীৰ আৰক্ষী অধীক্ষক হিচাপে, ধুবুৰীৰ আৰক্ষী অধীক্ষক লংলিট টেৰাংক ওদালগুৰিৰ আৰক্ষী অধীক্ষক হিচাপে, ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰাজবীৰক বিআইইঅ'ৰ আৰক্ষী অধীক্ষক হিচাপে, তিনিছুকীয়াৰ মুগ্ধাজ্যোতি দেৱ মহন্তক কাছাৰৰ আৰক্ষী অধীক্ষক হিচাপে, কাছাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌচনক বিশ্বনাথৰ আৰক্ষী অধীক্ষক হিচাপে আৰু চৰাইদেওঁৰ আৰক্ষী অধীক্ষক জিতমল দলেক যোৰহাটৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰি কাৰ্য্যভাৰ অৰ্পন কৰে।

গুৱাহাটীৰ যান-বাহন শাখাৰ ডিচিপি অমনজিৎ কৌৰক বদলি কৰি নলবাৰীৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিছে, নলবাৰীৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াক তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক হিচাপে, ১২ সংখ্যক এপিবিএনৰ অধিনায়ক জামুগুৰি কুমাৰ সংঞ্জিত কৃষ্ণক শোণিতপুৰৰ আৰক্ষী অধীক্ষক হিচাপে, নগাঁওৰ এফআৰআৰও সুসান্ত বিশ্ব শৰ্মাই গোৱালপাৰাৰ আৰক্ষী অধীক্ষক হিচাপে, গোৱালপাৰাৰ আৰক্ষী অধীক্ষক শিৱসাগৰৰ আৰক্ষী অধীক্ষক হিচাপে, দক্ষিণ শালমাৰাৰ আৰক্ষী অধীক্ষক অমিত ভূঞাক দৰংৰ আৰক্ষী অধীক্ষক হিচাপে আৰু গুৱাহাটী আৰক্ষীৰ ডিচিপি(কাৰ্য্যবাহী শাখা)আয়ুক্ত হৰেকৃষ্ণ নাথক লক্ষীমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰিছে। ৰাজ্যৰ উপায়ুক্তৰ সালসলনিৰ পিছত অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীত এই সালসলনি কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি:

Next Story
চাকৰি