অসম আৰক্ষীয়ে মুকলি কৰিলে হেল্প নম্বৰ

অৰুনাচল প্ৰদেশত বৰ্তমানেও হিংসাত্মক পৰিস্থিতি অব্যাহত আছে । সোমবাৰে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থা চমুকৈ NESO য়ে দিল্লী আৰু ইটানগৰত অসমৰ ছাত্ৰ ছাত্ৰীক সুৰক্ষা দিবলৈ দাবী জনাইছে ।
সোমবাৰে এক প্ৰেছ বিবৃতি যোগে NESO পৰামৰ্শদাতা ড' সমুজ্জ্বল ভট্টাচাৰ্যয়ে প্ৰকাশ কৰিছে যে বৰ্তমান অৰুণাচল প্ৰদেশত জনজীৱন স্তব্ধ হৈ পৰিছে । হিংসাত্মক ঘটনা অব্যাহত আছে । ৰাজহুৱা বহুতো সম্পতি ধবংস কৰিছে । লগতে তেওঁ কয় যে অসমৰ পৰা যোৱা শিল্পীৰ এটা দলেও আক্ৰমণৰ সন্মুখীন হয় প্ৰতিবাদকাৰী সকলৰ । প্ৰতিবাদকাৰী সকলে অসমৰ শিল্পী সকলৰ বহুতো বাদ্যযন্ত্ৰও ধবংস কৰে ।
NESO ৰ পৰামৰ্শদাতা সমুজ্জ্বল ভট্টাচাৰ্যয়ে অৰুণাচল প্ৰদেশ চৰকাৰক শিল্পী সকলৰ ধবংস কৰা বাদ্যযন্ত্ৰ সমুহৰ ক্ষতিপূৰণ দিবলৈ দাবী জনাই । লগতে জনাই যে NESO আৰু আছুয়ে অহৰহ শিল্পী সকলৰ খবৰ লৈ আছে বুলি প্ৰকাশ কৰে । এতিয়াও শিল্পী দলটো অৰুণাচলত আবদ্ধ হৈ আছে । অসম আৰক্ষীয়ে অৰুণাচল প্ৰদেশত আবদ্ধ হৈ থকা অসমৰ লোকসকলৰ বাবে হেল্প নম্বৰ মুকলি কৰিছে । নম্বৰ কেইটা হৈছে- ৮৭৪৯৮৬০৮০৩-০৩৬১-২৩৮১৫১১। অৰুণাচল প্ৰদেশত আবদ্ধ হৈ থকা অসমৰ লোকসকলৰ যিকোনো সমস্যাৰ বাবে এই নম্বৰ কেইটাত ফোন কৰি জনাব পাৰে ।