Begin typing your search above and press return to search.

অসম আৰক্ষীৰ কাৰ্যালয়ত শীৰ্ষ আৰক্ষী বিষয়াৰে অনুষ্ঠিত জৰুৰী বৈঠক

অসম আৰক্ষীৰ কাৰ্যালয়ত শীৰ্ষ আৰক্ষী বিষয়াৰে অনুষ্ঠিত জৰুৰী বৈঠক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 May 2019 1:41 PM GMT

গুৱাহাটীৰ চেন্ট্ৰেল ম’লৰ সন্মুখত হোৱা গ্ৰেণেড বিস্ফোৰণৰ মূল অভিযুক্ত বিজয় অসমক গ্ৰেপ্তাৰৰ পিছতেই গুৱাহাটীত শীৰ্ষ আৰক্ষীৰ বিষয়াৰ সহিতে এখন জৰুৰী বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকখন অনুষ্ঠিত হয় অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৷ ইফালে, মংগলবাৰে বিজয় অসমৰ গ্ৰেপ্তাৰৰ পিছতে গোপন তথ্য পাইছে আৰক্ষীয়ে ৷

বৈঠকখনত ডিজিপি কুলধৰ শইকীয়াই মন্তব্য কৰে যে,এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে৷ গতিকে এতিয়াই অধিক নকওঁ ৷ অভিযানত প্ৰতিখন জিলাৰ আৰক্ষীয়ে সহযোগ কৰিছে ৷ সকলোৰে সহযোগত কূটাঘাতকাৰী কৰায়ত্ত হ’ল ৷

ইফালে অৰুণাচল, নাগালেণ্ডৰ সীমান্তৰ প্ৰসংগ উল্লেখ কৰি ডিজিপি কুল শইকীয়াই কয় যে সেই ঠাইত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে৷ লগতে, সীমামূৰীয়া জিলাৰ SPক সতৰ্ক থকাৰ নিৰ্দেশ DGPৰ ৷ অন্যহাতে, কাইলৈ অনুষ্ঠিত হ’ব লগা ভোটগণনাৰ দিনটোত নিৰাপত্তাৰ বাবে সাজু হৈছে আৰক্ষী ৷ বহিঃৰাজ্যলৈ নিৰ্বাচনী দায়িত্বত যোৱা কোম্পানী আহি পাইছে৷ এই ক্ষেত্ৰত মোতায়েন কৰা হ’ব অধিক নিৰাপত্তাৰক্ষীৰ কোম্পানী ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি