Begin typing your search above and press return to search.

অসম আৰক্ষীৰ বিচক্ষনতালৈ এক বৃহৎ প্ৰশ্ন

অসম আৰক্ষীৰ বিচক্ষনতালৈ এক বৃহৎ প্ৰশ্ন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Feb 2019 7:59 AM GMT

অসম আৰক্ষীৰ বিষয়াসকলৰ বিচক্ষনীয়তা আৰু অখণ্ডতাৰ ওপৰত প্ৰশ্ন কৰি ৰাজ্যৰ কিছুসংখ্যক আৰক্ষীৰ দায়বদ্ধতাৰ ওপৰত উত্থাপন হৈছে প্ৰশ্ন ৷ SPAC অৰ্থাৎ State Police Accountability Commission য়ে অসমত কিছুসংখ্যক আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰ,ৰেকৰ্ডৰ জালিয়াতি, ব্লেকমেইলিং আদিৰ বহু বিষয় তদন্ত কৰিবৰ কাৰণে এফআইআৰ দাখিল কৰিছে ৷ সোমবাৰে অসম বিধানসভাত দাখিল কৰা SPAC ৰ বাৰ্ষিক ৰিপ’ৰ্ট অনুযায়ী ২০১৭ বৰ্ষত আয়োগে ২৪৪ টা অভিযোগ লাভ কৰিছে ৷

ইয়াৰ ভিতৰত ১৬৬ টা অভিযোগ নিয়মিত ৰূপত সংঘটিত হয়। লগতে এই অভিযোগসমূহক অত্যন্ত গম্ভীৰ ৰূপে চিনাক্ত কৰা হৈছে ৷ ২০১৭ বৰ্ষত অসম আৰক্ষীৰ বিৰুদ্ধে দাখিল হোৱা অভিযোগ সমূহৰ ভিতৰত উৎপীড়ন, অত্যাচাৰ,দুব্যৱহাৰ আৰু ধমকি আদি বিষয় আছিল ৫২ টা , তদন্তত বিলম্ব হোৱা অভিযোগ আছিল ৫১ টা,আৰক্ষীৰ নিষ্কিয়তা আৰু অপহৰণৰ অভিযোগ ৪৯ টা,যিকোনো বিষয় পৰিদৰ্শন কৰি তদন্ত নকৰাৰ অভিযোগ ১৩ টা ,ক্ষমতাৰ অপৱ্যৱহাৰত ১০ টা অভিযোগ,২১ টা এজাহাৰ দাখিল নকৰাৰ অভিযোগ, ব্লেকমেইলিঙত ৯ টা আৰু টকা দাবী,আইনৰ প্ৰক্ৰিয়াৰে গ্ৰেপ্তাৰ নকৰা এই বিষয়সমূহক উপেক্ষা কৰাত ৮ টা অভিযোগৰ লগতে আৰক্ষীৰ জিম্মাত থাকোতে ১ জনৰ মৃত্যুৰ অভিযোগ আছে ৷

অন্যহাতে ২০০৭ চনত অসম চৰকাৰে জনসাধাৰণৰ সুৰক্ষাৰ দায়বদ্ধতা আৰু স্বাৰ্থৰ কাৰণে SPAC ৰ স্থাপন কৰিছিল ৷ SPAC য়ে অভিযোগৰ আৰোপ সীমিত কৰিবৰ কাৰণে প্ৰত্যেক আৰক্ষী চকীত CCTV কেমেৰাক বাধ্যতামূলক কৰিছে ৷ লগতে প্ৰত্যেক আৰক্ষী চকীত যাতে এটা জনসংযোগ কাৰ্যালয় হোৱাৰ প্ৰসংগও উল্লেখ কৰে যাতে সাধাৰণ জনগণে অতি সহজেই নিজৰ অভিযোগ দাখিল কৰিব পাৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি