Begin typing your search above and press return to search.

অসম আৰু অৰুণাচলৰ মাজৰ যোগাযোগ ব্যৱস্থা অধিক উন্নত হব: নীতীন গাডকাৰী

অসম আৰু অৰুণাচলৰ মাজৰ যোগাযোগ ব্যৱস্থা অধিক উন্নত হব: নীতীন গাডকাৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Dec 2018 8:00 AM GMT

"উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি বিগত দশক সমূহত উচিত দৃষ্টি ভংগীৰ অভাৱৰ বাবেই উন্নয়ন স্থবিৰ হৈ পৰিছিল" অৰণাচল প্ৰদেশত বৃহস্পতি বাৰে ৯৫৩৩ কৌটি টকীয়া ৰাষ্ট্ৰীয় ঘাই পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি কেন্দ্ৰীয় পথ পৰিবহন বিভাগৰ মন্ত্ৰী নীতীন গাডকাৰীয়ে এনেদৰে মন্তব্য আগবঢ়াই। নতুন পথৰ আধাৰশিলা স্থাপন কৰি কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতীন গাডকাৰীয়ে কয় যে এই পথ যোগযাগ ব্যৱস্থাই অৰুণাচল প্ৰদেশত নতুন যুগৰ সূচনা কৰিব আৰু ভ্ৰমণৰ সময় হ্ৰাস কৰি অসম-অৰুণাচল প্ৰদেশ আৰু ৰাজ্যখনৰ অন্যান্য জিলা সদৰ সমূহৰ মাজত যোগাযোগ ব্যৱস্থাৰ উন্নয়ণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ সৈতে নতুন প্ৰকল্পটোৰ উদ্ধোধনীৰ সময়ত উপস্থিত আছিল কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী কিৰণ ৰিজিজু আৰু মুখ্য মন্ত্ৰী পেমা খাণ্ডু।

গাডকাৰীয়ে উদ্ধোধনী অনুষ্ঠানত দিয়া ভাষণত নতুন পথ সংযোগী প্ৰকল্পই ৰাজ্যখনত কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব আৰু ৰাজ্যখনৰ আৰ্থ-সামাজিক বিকাশত অৰিহণা যোগাব বুলি মন্তব্য কৰে। গাডকাৰীয়ে প্ৰকল্পৰ কাম সমূহ বিভিন্ন অংশত ভগাই দিয়া হব বুলিও কয় যাতে স্থানীয় ঠিকাদাৰ সমূহেও প্ৰকল্পটোত অংশগ্ৰহণ কৰিব পাৰে।কেন্দ্ৰীয় পথ পৰিবহন আৰু যোগাযোগ মন্ত্ৰালয়ৰ প্ৰসংগ উল্লেখ কৰি নিতিন গাডকাৰীয়ে কয় যে সমগ্ৰ দেশৰ পথ যোগাযোগ ব্যৱস্থাক উন্নত কৰাৰ বাবে ১০ লাখ কৌটি টকাৰ প্ৰকল্প গ্ৰহণ কৰা হৈছে আৰু কেবল উত্তৰ-পূৰ্বাঞ্চলৰ পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে ২.৫ কৌটি টকা মোকলাই দিয়া হৈছে। ভাষণত প্ৰসংগত গাডকাৰীয়ে কয় মই অলপতে ৰাজ্যৰ মূখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে হোৱা বৈঠকত অৰুণাচলৰ পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে ৫০০০০ কৌটি টকা প্ৰদান কৰাৰ ঘোষণা কৰিছো আৰু তেওঁক অধিক কৰ্তব্যনিষ্ঠাৰে কাম কৰি যাবৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছো প্ৰয়োজন হলে অধিক ধন যোগান ধৰা হব বুলিও মই মূখ্যমন্ত্ৰীক প্ৰতিশ্ৰুতি দিছো। কেন্দ্ৰীয় চৰকাৰ সদায় অৰুণাচলৰ লগত আছে, অৰুণাচল প্ৰদেশৰ বিকাশৰ বাবে কেতিয়াও ধনৰ অভাব নহয় বুলি মন্ত্ৰী গৰাকীয়ে কয়।

প্ৰকল্প কেতিয়া সম্পুৰ্ণ হব বুলি সোধা প্ৰশ্নৰ উত্তৰত গাডকাৰীয়ে কয় এই ক্ষেত্ৰত ৰাজ্যিক চৰকাৰৰ ভূমিকা প্ৰধান হব কেনেদৰে তেওঁলোকে প্ৰকল্পৰ ধন ব্যৱহাৰ কৰে। অধিক সক্ৰিয় ভাবে নিষ্ঠাৰে কাম কৰি ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সময়তে প্ৰকল্পৰ কাম সম্পুৰ্ণ কৰিব বুলি মন্তব্য কৰে গাডকাৰীয়ে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অৰুণাচল প্ৰদেশ চৰকাৰক ৰাজ্যখনত উপলব্ধ প্ৰচুৰ বাহৰ প্ৰজাতিৰ প্ৰতি লক্ষ্য ৰাখি জৈৱ ইন্ধনৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ বাবে অনুৰোধ কৰে।গাডকাৰীয়ে নামনি সোৱনশিৰি জিলাত ৫৫৮৩.৯২ কৌটি টকা ব্যয়েৰে ৪৭২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাই পথ প্ৰকল্পৰ আধাৰশিলা উদ্ধোধন কৰে। এই প্ৰকল্পৰ ভিতৰত ২৬.১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ আকজান-লিকাবালি-বাম সংযোগী পথ আৰু ১২৫.১৯ কৌটি টকাৰে ৭১৩ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অন্তৰ্ভূক্ত জোৰাম-কোলোৰিয়াং ছয়লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ। গাডকাৰীয়ে ৩৯৫৬ কৌটি টকাৰে ৩৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ২২৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অন্তৰ্গত আন এটা প্ৰকল্পও উদ্ধোধন কৰে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে পথৰ আধাৰশিলা স্থাপনৰ আগেয়ে নামনি ডিবাং উপত্যকা জিলাত ডিবাং আৰু লোহিত নদীৰ ওপৰত নিৰ্মিত দুখন দলঙো উদ্ধোধন কৰে। এই দলঙৰে চৌখাম আৰু ডিগাৰুৰ মাজৰ যাতায়ত সহজ হৈ পৰিব।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি