Begin typing your search above and press return to search.

অসম আৰু উত্তৰপূবক কেন্দ্ৰ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কংগ্ৰেছৰ

অসম আৰু উত্তৰপূবক কেন্দ্ৰ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কংগ্ৰেছৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 April 2019 8:47 AM GMT

সমাগত নিৰ্বাচন ৷ গতিকে সাজু হৈছে সকলো ৰাজনৈতিক দল ৷ কংগ্ৰেছে প্ৰকাশ কৰা নিৰ্বাচনী ঘোষণা প্ৰত্ৰত নিৰ্বাচনী সম্বন্ধীয় বিষয়সমূহৰ ভিতৰত আছে উত্তৰ পূবৰ ৰাজ্যসমূহক বিশেষ অধিকাৰ প্ৰদান কৰা,উত্তৰ পূবক ঔদ্যোগিক আৰু অৰ্থনৈতিভাবে পুনৰোজীৱিত কৰা,বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধ কৰা,ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সকলো ভাৰতীয় নাম সন্নিবিষ্ট কৰা,অসমৰ ছয় জনজাতিক জনজাতিকৰণ কৰা,ৰাজ্যৰ এইচপিচিৰ দুটা পেপাৰ মিল পুনৰাই মুকলি কৰা আদি ৷

এনেধৰণৰ কিছু নিৰ্বাচনী সম্পৰ্কীয় বিষয় সন্নিবিষ্ট নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ অধ্যক্ষ ৰিপুন বৰাই ৷ ইয়াৰ পূৰ্বতে পঞ্জাৱৰ বিত্ত মন্ত্ৰী মনপ্ৰীত সিঙ বাদলেও সেই বৈঠকতে ৰাষ্ট্ৰীয় নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে ৷ ইফালে "আমাৰ লক্ষ্য আমাৰ প্ৰাণ" নামৰ পুস্তিকাখন অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে অসম আৰু উত্তৰ পূবৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰা হয় ৷ যদি কংগ্ৰেছক ভোট দিয়া হয় তেন্তে অসমৰ বিকাশৰ ওপৰত গুৰুত্ব দিব ৷

লগতে অসম চুক্তিত উল্লেখ থকা সকলো বিদেশীৰ পৰিচয় ১৯৭১ চনৰ ২৫ মাৰ্চৰ অনুসৰি হ’ব ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত নিৰ্বাচনী ইস্তাহাৰত উল্লেখ আছে যে সকলো ভাৰতীয়ক নাগৰিক পঞ্জীত অন্তৰ্ভূক্ত কৰিব ৷ যদি নিৰ্বাচনত কংগ্ৰেছে জয় লাভ কৰে তেন্তে অন্যান্য ছয় জনজাতিৰ লগত চাহ বাগানসমূহৰ ১০৮ জনজাতিক অন্তৰ্ভূক্ত কৰিব ৷ অসমৰ সৰ্বাঙ্গীন বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কিছুমান বিষয়ক সন্নিবিষ্ট কৰিছে। ৰাজ্যত এছটি ভূমিহীন আৰু এছচিসকলক ভূমিপট্টা প্ৰদান কৰা , চাহ উদ্যোগৰ কাৰণে এক বিশেষ মন্ত্ৰ্যালয় গঠন,চাহ বাগানৰ শ্ৰমিকসকলৰ কাৰণে নূন্যতম মজুৰী নিৰ্ধাৰণ কৰাৰ এখন আইন প্ৰণয়ন, অসম স্থানীয় মুছলমানৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰা আদি ৷

দলটোৱে কাৰ্বি আংলঙ আৰু ডিমা হাচাও আৰু তিনিখন পহাৰীয়া জিলাক গুৰুত্ব প্ৰদান কৰি অসমৰ স্বায়ত্ব শাসিত ৰাজ্যৰ ওপৰত বিচাৰ কৰিব ৷ লগতে বিটিছি চুক্তিক অধিক প্ৰগতিশীল কৰিবলৈ আস্বাস প্ৰদান কৰে ৷ বৰাকত কংগ্ৰেছে এক বিশেষ সচিবালয় সক্ৰিয় কৰিব, শিলঘাটত বৰাক নদীৰ ওপৰত এটা পুল নিৰ্মাণ , আৰু এইমছৰ লগত ছুপাৰ স্পেছিয়েলিষ্ট চিকিৎসালয় স্থাপিত কৰা আদি ৷ লগতে মহিলা সবলীকৰণ,নিবনুৱা, কৃষি,বানপানী,শিক্ষা, স্বাস্থ্য,উদ্যোগ,খোৱা পানী,যোগাযোগ, খেল আৰু ছবি উদ্যোগৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব ৷ উল্লেখযোগ্য যে, বৈঠকখনত উপস্থিত লোক সকলৰ ভিতৰত আছিল অধ্যক্ষ ভূৱনেশ্বৰ কলিতা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি