Begin typing your search above and press return to search.

অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান

অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Oct 2018 12:09 PM GMT

অসম কৃষি বিশ্ববিদ্যালয়ৰ সৌজন্যত, আঞ্চলিক কৃষি গবেষনা কেন্দ্ৰ চিলঙনীৰ সহযোগত গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি -২০১৮ ৰ অংশ ৰূপে আজি ২ অক্টোবৰ গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি বটদ্ৰৱা সমীপৱৰ্তী ৰাইডঙীয়াত স্বচ্ছ ভাৰত অভিযানৰ কাৰ্য্যসূচী ৰূপায়ন কৰা হয় ৷

তদুপলক্ষে আজি পুৱা ৯.৩০ বজাত যোৰহাট কৃষি মহাবিদ্যালয়়, বিশ্বনাথ কৃষি মহাবিদ্যালয়, শৰত্ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়, আৰু ৰাজস্থান মেৱাৰ কৃষি বিশ্ববিদ্যালয়ৰ ত্ৰিশ গৰাকী ছাত্ৰ ছাত্ৰী সমবেত হৈ আইভেটী ঐতিহ্যমণ্ডিত আইলক্ষী থানৰ সন্মুখৰ পৰা আইভেটী গাঁও, পহুকটা গাঁও হৈ ৰাইডঙীয়া পাঁচ আলিলৈকে স্বচ্ছ ভাৰতৰ সজাগতাৰ বিভিন্ন শ্লগানৰে এক সমদল উলিয়াই। পাঁচ আলিত ছাত্ৰ ছাত্ৰী সকলে পৰিবেশ নিকাকৰণ কাৰ্য্যসূচী ৰূপায়ন কৰাৰ অন্তত অন্ধবিশ্বাস দূৰীকৰণ আৰু স্বচ্ছতা ওপৰত গুৰুত্ব আৰোপ কৰি এখনি বাটৰ নাট প্ৰদৰ্শন কৰে।

অনুষ্ঠানটিত গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ তত্বাবধাযক ড° ইদ্ৰিচ আলি শ্বেখ, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ড০ অমল চন্দ্ৰ শৰ্মাৰ লগতে গ্ৰাম্য কৰ্ম অভিজ্ঞতা আঁচনিৰ অংশ ৰূপে বিগত ২৮ আগষ্টৰ পৰাা আইভেটী আৰু পহুকটা গাঁৱত বাহৰ পাতি থকা যোৰহাট কৃষি মহাবিদ্যালয়়, বিশ্বনাথ কৃষি মহাবিদ্যালয়, শৰত্ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয় আৰু ৰাজস্থান মেৱাৰ কৃষি বিশ্ববিদ্যালয়ৰ ৩০ গৰাকী ছাত্ৰ ছাত্ৰীয়েে অংশ গ্ৰহণ কৰে।

Next Story
চাকৰি