অসম গণ পৰিষদৰ চৰকাৰৰ পৰা পদত্যাগৰ সিদ্ধান্তক সমৰ্থন প্ৰমীলা ৰাণী ব্ৰহ্ম

অসম গণ পৰিষদৰ চৰকাৰৰ পৰা পদত্যাগৰ সিদ্ধান্তক সমৰ্থন প্ৰমীলা ৰাণী ব্ৰহ্ম
Published on

ৰাজ্যজুৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ। এইবাৰ এই বিধেয়ক সম্পৰ্কে মুখ খুলিলে অসম চৰকাৰৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই। বিটিএডি এলেকাত হিন্দু বাংলাদেশীৰ বাবে কোনোধৰণৰ স্থান নাই গুৱাহাটীত এই কথা স্পষ্ট কৰি দিয়ে প্ৰমীলা ৰাণী ব্ৰহ্মই।

বুধবাৰে সাংবাদিকৰ সৈতে হোৱা মুখামুখিত সমাজ কল্যাণ মন্ত্ৰী গৰাকীয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ই বিটিএডি অঞ্চলত কোনোধৰণৰ প্ৰভাৱ নেপেলাই। কোনো শক্তিয়ে আমাৰ ওপৰত হিন্দু বাংলাদেশীৰ বোজা জাপি দিব নোৱাৰে, যদি কোনোবাই আমাৰ ওপৰত এই বোজা জাপি দিব খোজে আমি বিধেয়ক খনৰ বিৰোধিতা কৰিম। অসম গণ পৰিষদ দলে অসমৰ মিত্ৰ জোটৰ চৰকাৰ খনৰ পৰা পদত্যাগ কৰা সিদ্ধান্তৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত প্ৰমীলা ৰাণী ব্ৰহ্মই কয় যে আমি অসম গণ পৰিষদৰ সিদ্ধান্তক শ্ৰদ্ধা কৰো।

অসম গণ পৰিষদ দলটো ঐতিহাসিক অসম আন্দোলনৰ পিছত অসমৰ জনসাধাৰণৰ সুৰক্ষিত স্বাৰ্থত জন্ম লাভ কৰা দল, সেয়েহে অসম গণ পৰিষদে কেতিয়াও অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ বিপক্ষে গৈ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে। অসম গণ পৰিষদ দলে সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱা বুলি প্ৰমীলা ৰাণী ব্ৰহ্মই মন্তব্য কৰে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com