বাংলাদেশীৰ চৰনীয়া পথাৰলৈ পৰিনত হোৱা অসমৰ খিলঞ্জীয়া লোকসকলৰ ৰক্ষা কবচ এনআৰচি প্ৰকিয়া অসম চুক্তিৰ আধাৰত প্ৰস্তুত হৈছে বুলি জনাইছে অসম চৰকাৰে।লগতে জানিবলৈ দিয়ে যে চৰকাৰে বাংলাদেশী মুক্ত এখন সম্পূৰ্ণ এনআৰচি প্ৰকাশৰ কাম কৰি আছে,ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক কোনো ব্যক্তিয়ে অন্য ব্যক্তিৰ নাগৰিকত্বক লৈ যদি প্ৰশ্ন তোলে তেন্তে তেওঁ প্ৰমান কৰিব লাগিব,যদি নোৱাৰে তেতিয়া তেওঁক জেইললে পঠাব পৰাকৈ এখন আইন প্ৰনয়নৰ আহ্বান জনাইছে। প্ৰায় তিনিবছৰৰ অন্তত কল্পনা-জল্পনাৰ অন্ত পেলাই ৩০ জুলাইত মহানগৰীৰ ভঙাগড়স্থিত এনআৰচিৰ মুখ্য কাৰ্য্যালয়ত এনআৰচিৰ ৰাজ্যিক সমন্নয়ক প্ৰতীক হাজেলা,ভাৰতৰ ৰেজিষ্টাৰ জেনেৰেল চেইলেশ,কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ (উত্তৰপূৰ্বাঞ্চল) যুতীয়া সচিব সত্যেন্দ্ৰ গাৰ্গৰ উপস্থিতিত এনআৰচিৰ চূড়ান্ত খচৰাখন প্ৰকাশ পাইছিল।এনআৰচিত ৩ কোটি ২৯ লাখ লোকৰ আবেদনৰ ভিতৰত ২,৮৯,৮৩,৬৭৭ জন লোকৰ নাম সন্নিবিষ্ট হোৱাৰ বিপৰীতে ৪০,০৭,৭০৮ জন লোকৰ নাম বাদ পৰিছিল।বাদ পৰা লোকসকলে ৩০ আগষ্টৰ পৰা ২৮ আগষ্টৰ ভিতৰত আৱেদনপত্ৰ জমা দিব লাগিব বুলি জানিবলৈ দিছিল।
Begin typing your search above and press return to search.