Begin typing your search above and press return to search.

অসম চুক্তিৰ ৬ নং দফাৰ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত শামুকীয়া গতিৰে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ

অসম চুক্তিৰ ৬ নং দফাৰ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত শামুকীয়া গতিৰে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Jan 2019 8:24 AM GMT

অসম চুক্তিৰ ৬ নং দফাক বাস্তৱায়িত কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এই পৰ্যন্ত এখন উচ্চ স্তৰীয় সমিতি গঠন কৰাৰ প্ৰসংগত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই ৷ লোকসভা নিৰ্বাচনৰ আগে আগে যে এই সন্দৰ্ভত যে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হ’ব সেয়াও সন্দেহৰ আৱৰ্তত ৷ ইফালে সদৌ অসম ছাত্ৰ সন্থা(AASU)হৈছে অসম চুক্তিৰ হোতা স্বৰূপ তথা স্বাক্ষৰ কাৰী। অৱশ্যে দিল্লী দিছপুৰে সম্প্ৰতি অনুভৱ কৰিছে যে সদৌ অসম ছাত্ৰ সন্থাৰ অনুপস্থিতিত এনেধৰণৰ কোনো সমিতিৰ সিদ্ধান্তৰ ক্ষেত্ৰত ব্যৰ্থ হ’ব।

ইয়াৰ মাজতে এজন বুদ্ধিজীৱীয়ে মন্তব্য কৰে যে, এনেধৰণৰ এক সমিতিৰ গঠন এবছৰৰ পূৰ্বতে কৰা হৈছিল ।লগতে সমিতি গঠনৰ সময় সূচীৰ ক্ষেত্ৰত মন্তব্য কৰি কয় যে এই সমগ্ৰ বিষয়টো ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত আছে ৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত হোৱা এক কেন্দ্ৰীয় মন্ত্ৰী মণ্ডলৰ বৈঠকে এক সমিতিৰ স্থাপন কৰিবলৈ আহ্বান কৰিছিল। এই সমিতিখন ১৯৮৫ চনৰ অসম চুক্তিৰ ৬ নং দফাৰ বাস্তবায়িত কৰাৰ কাৰণে গঠন কৰা হৈছিল। সামাজিক সংগঠন,আইন কানুন আৰু সংবিধান বিশেষজ্ঞ আৰু বিখ্যাত বিভিন্ন হিতাধিকাৰৰ লগত বিচাৰ বিবেচনা সমিতিখনৰ প্ৰধান উদ্দেশ্য হৈছে অসমৰ লগতে অন্যান্য ভাষা সংস্কৃতিক ৰক্ষা কৰা ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি