Begin typing your search above and press return to search.

অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰীকৰণৰ বাবে উচ্চস্তৰীয় সমিতি গঠনৰ প্ৰস্তুতি

অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰীকৰণৰ বাবে উচ্চস্তৰীয় সমিতি গঠনৰ প্ৰস্তুতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Jan 2019 7:52 AM GMT

বুধবাৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত অসম চুক্তি অনুসৰি ইয়াৰ ৬ নং দফা কাৰ্য্যকৰীকৰণ আৰু ২০০৩ চনক হোৱা বড়ো চুক্তি আৰু ইয়াৰ বিভিন্ন বিষয় সমূহ সমাধানৰ বাবে এখন উচ্চস্তৰীয় সমিতি গঠন কৰাৰ বাবে অনুমোদন জনোৱা হয়।

১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ চলা ঐতিহাসিক অসম আন্দোলনৰ পিছত ১৯৮৫ চনৰ ১৫ আগষ্টত অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল। অসম চুক্তিৰ ৬ নং দফা অনুসৰি অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক অস্তিত্বক সুৰক্ষিত কৰি ৰখাৰ বাবে সাংবিধানিক, বিধায়িনী আৰু প্ৰশাসনীয় সুৰক্ষা কৱচৰ বিষয়ে স্পষ্টভাবে উল্লেখ আছে। উল্লেখনীয় কথাটো হ'ল যে অসম চুক্তি স্বাক্ষৰ হোৱাৰ সুদীৰ্ঘ ৩৫ বছৰকাল উকলি যোৱাৰ পিছতো অসম চুক্তিৰ ৬ নং দফা সম্পুৰ্ণৰূপে কাৰ্য্যকৰীকৰণ কৰা হোৱা নাই। কেন্দ্ৰীয় সমিতিয়ে সেইবাবে কেবিনেট বৈঠকত অসম চুক্তিত উল্লেখ থকা ৬ নং দফা কাৰ্য্যকৰী কৰণ কৰাৰ বাবে সাংবিধানিক, বিধায়িনী আৰু প্ৰশাসনীয় পৰামৰ্শ প্ৰদান কৰাৰ বাবে উচ্চস্তৰীয় সমিতিখন গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উচ্চস্তৰীয় সমিতিখনে ১৯৮৫ চনৰ পিছত অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰীকৰণ কৰাৰ বাবে বিভিন্ন দিশ সমূহ পৰ্য্যলোচনা কৰিব।উচ্চস্তৰীয় সমিতিখন গঠন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত গঠন কৰা হব আৰু সমিতিখনে দীৰ্ঘদিনে অবহেলিত হৈ থকা অসম চুক্তিক বাস্তৱত ৰূপ দিয়াৰ বাবে কিমান পৰ্য্যালয়লৈ সফল হব সেয়া লক্ষ্যণীয় হব।

অসম বিধান সভা আৰু অন্যান্য স্থানীয় নিগম-নিকায় সমূহত স্থানীয় লোকৰ বাবে কিমান সংৰক্ষণৰ ব্যৱস্থা থাকিব আদি দিশো সমিতিখনে চোৱা-চিতা কৰিব। ইয়াৰ উপৰিও সমিতিখনে অসমীয়া আৰু অন্যন্য জনগোষ্ঠীয় ভাষাৰ সংৰক্ষণ, চৰকাৰী চাকৰিৰ ক্ষেত্ৰত থলুৱা লোকৰ বাবে সংৰক্ষণ আৰু অন্যান্য যেনে অসমৰ খিলঞ্জীয়া জনসাধাৰণ সংস্কৃতি, সামজিক ব্যৱস্থা, ভাষিক পৰিছয় আদিৰ প্ৰসাৰৰ ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ কৰিব।

কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত বড়ো সমস্যা সমূহ সমাধানৰ বাবেও আলোচনা কৰা হয়। ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিৰ আধাৰত ২০০৩ চনত বড়ো চুক্তি স্বাক্ষৰ কৰি বড়ো স্বায়ত্ত শাসিত পৰিষদ গঠন কৰা হৈছিল। কেন্দ্ৰীয় কেবিনেটে বৈঠকত এটা বড়ো সংগ্ৰহালয় আৰু ভাষা-সংস্কৃতি অধ্যয়ণ কেন্দ্ৰ স্থাপনত অনুমোদন জনাই। কোকৰাঝাৰত থকা অনাটাৰ কেন্দ্ৰটো আৰু দুৰদৰ্শন কেন্দ্ৰটোও আধুনিক কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ উপৰিও বিটিএডিৰ মাজেৰে পাৰ হৈ যোৱা এথন দ্ৰুতবেগী ৰেলগাড়ীৰ নাম আৰনাই এক্সপ্ৰেছ দিয়াৰ পৰিকল্পনাও কেবিনেটৰ বৈঠকৰ সময়ত গ্ৰহণ কৰা হয়। কেবিনেটৰ বৈঠকত ৰাজ্য চৰকাৰে বিভিন্ন অনুষ্ঠান স্থাপনৰ বাবে সঠিক ভূমি নীতি অনুযায়ী সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বড়ো সমস্যাই কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত স্থান পোৱা ঘটনাই স্বাভাবিকতে বড়ো সকলক আনন্দিত কৰি তুলিছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি