Begin typing your search above and press return to search.

অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়নৰ বাবে ত্ৰিপাক্ষিক সমিতি গঠনৰ দাবী আছুৰ

অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়নৰ বাবে ত্ৰিপাক্ষিক সমিতি গঠনৰ দাবী আছুৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Nov 2018 9:03 AM GMT

সদৌ অসম ছাত্র সন্থাই অসম চুক্তিৰ ৬ নম্বৰ দফা সন্দৰ্ভত চৰকাৰৰ ওচৰত প্ৰস্তাৱ ৰখাৰ উদ্দেশ্যে এটি ত্ৰিপাক্ষিক সমিতি গঠনৰ বাবে কেন্দ্ৰৰ ওচৰত দাবী জনাইছে । চুক্তিৰ এই চৰ্তত অসমৰ খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কবচ ৰ কথা উল্লেখ কৰা আছে। ২০১৭ চনৰ এপ্ৰিল মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, অসমৰ মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে আছুৰ তিনিজন বিষয়ববীয়াৰ মাজত ত্ৰিপাক্ষিক আলোচনাত পোন প্ৰথম বাৰ এই দাবী জনোৱা হৈছিল। এই আলোচনাত কেন্দ্ৰীয় চৰকাৰ আৰু দিচপুৰৰ মুৰব্বী সকলেও আগভাগ লৈছিল।

এই আলোচনাৰ মজিয়াত অসম চুক্তিৰ ৬নং দথা ৰূপায়নৰ বাবে চৰকাৰক হেচা দিয়াৰ উদ্দেশ্যে এখনি ত্ৰিপাক্ষিক সমিতি সিদ্ধান্ত লোৱা হৈছিল লগতে সমিতি খনত আছু, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ৩জন প্ৰতিনিধি ৰখাৰ কথাও আলোচিত হৈছিল।কিন্তু আজি ডেৰ বছৰলৈ উক্ত সিদ্ধান্ত ৰূপায়নৰ ক্ষেত্ৰত কোনো কাম নকৰিলে চৰকাৰে।সেইবাবে সমিতি খন গঠনৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই পুনৰাই কেন্দ্ৰক হেচাঁ দিয়াৰ লক্ষ্যত এই দাবী উত্থাপন কৰিছে।

সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈয়ে দ্যা চেন্টিনেলক সদৰি কৰা অনুসৰি অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যত তেতিয়াই কেৱল মাত্ৰ সুৰক্ষিত হব যদিহে অসম চুক্তিৰ ৬নং দথাত সন্নিবিষ্ট সাংবিধানিক সুৰক্ষা কবচৰ ব্যৱস্থা যথাযথ ভাৱে ৰূপায়ন কৰা হয়।

Next Story
চাকৰি