Begin typing your search above and press return to search.

অসম চৰকাৰে প্ৰদান কৰিব 'সৰ্বানন্দ সিংহ বঁটা': ২৬ মেত কলাক্ষেত্ৰত বঁটা প্ৰদান অনুষ্ঠান

অসম চৰকাৰে প্ৰদান কৰিব সৰ্বানন্দ সিংহ বঁটা: ২৬ মেত কলাক্ষেত্ৰত বঁটা প্ৰদান অনুষ্ঠান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 May 2019 10:27 AM GMT

স্বাধীন মটক ৰাজ্যৰ প্ৰতিষ্ঠা কৰা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সোঁৱৰণীত চলিত বৰ্ষৰ পৰা অসম চৰকাৰে প্ৰবৰ্তন কৰিছে "সৰ্বানন্দ সিংহ বটা" ।অসম চৰকাৰে ৰজাজনৰ স্মৃতি যাউতি যুগীয়া কৰিবলৈ অসম চৰকাৰে এই বঁটা প্ৰবৰ্তন কৰে।

২৬ মেত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিন যোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব লগা অনুষ্ঠানত "স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা " প্ৰদান কৰিব ।

অসম সাংস্কৃতিক সঞ্চালকালয় বিভাগৰ উদ্যোগত, কামৰূপ জিলা প্ৰশাসনৰ আৰু সদৌ অসম মটক সন্মিলনৰ সহযোগত গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত এই অনুষ্ঠানতি অনুষ্ঠিত কৰিব ।

পুৱা ৯ বজাত পতাকা উত্তোলনেৰে অনুষ্ঠানটি আৰম্ভ হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে । পতাকা উত্তোলন কৰাৰ পিছত স্মৃতি তৰ্পন, ৰজাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন ৰ লগতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠান অনুষ্ঠিত হব । তাৰ পিছত মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হব ।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নব কুমাৰ দলে আৰু সাহিত্যক, শিক্ষাবিদ তৰুণ কুমাৰ গগৈ ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি