Begin typing your search above and press return to search.

অসম চৰকাৰৰ সুপৰিকল্পনাৰ অভাৱঃ সমুজ্জল ভট্টাচাৰ্য

অসম চৰকাৰৰ সুপৰিকল্পনাৰ অভাৱঃ  সমুজ্জল ভট্টাচাৰ্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 May 2019 12:59 PM GMT

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল কৰাৰ সন্দৰ্ভত মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই। অসম চৰকাৰৰ সুপৰিকল্পনাৰ অভাৱৰ কাৰণে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি কয় ভট্টাচাৰ্যই। আমাক মেডিকেল কলেজ লাগে,অভিযান্ত্ৰিক কলেজ লাগে ৷ গোলাঘাটৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্থাপনৰ দাবী দীৰ্ঘদিনীয়া আছিল ৷

অভিযান্ত্ৰিক মহাবিদ্যালয়খন স্থাপন কৰি,আধুনিক সা সুবিধাৰে আগুৱাই নিবৰ কাৰনে চৰকাৰৰ পৰিকল্পনা,সিদ্ধান্ত আৰু পদক্ষেপ লাগিব ৷কিন্তু নূন্যতম যিখিনি নীতি নিয়ম সেইসমূহ অসম চৰকাৰে পালন কৰা নাই। গতিকে অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ স্বীকৃতি বাতিল কৰিছে ৷ লগতে স্বীকৃতি বাতিলৰ ক্ষেত্ৰত আশ্চৰ্য প্ৰকাশ কৰি সমুজ্জল ভট্টাচাৰ্যই কয় যে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল এই ক্ষেত্ৰত অনিশ্চয়তাৰ সন্মুখীন হৈছে ৷ আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা আৰু অপৰিকল্পনাহীন মনোভাৱৰ পৰিচায়ক বুলি কয় ভট্টাচাৰ্যই ৷

গতিকে এই ক্ষেত্ৰত চৰকাৰে সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত আলোচনাত মিলিত হওঁক আৰু এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি সংঘটিত নহয় ৷ তাৰ প্ৰতি নিশ্চিত হ’বলৈ আহ্বান কৰে ড° ভট্টাচাৰ্যই । লগতে কয় যে অভিযান্ত্ৰিক মহাবিদ্যালয় এখন সকলো ফালৰে পৰা আধুনিক সা সুবিধাৰে আগুৱাই নিয়াৰ দায়িত্ব চৰকাৰে ল’ব লাগিব ৷

ইফালে গোলাঘাট অভিযান্ত্ৰিক কলেজৰ স্বীকৃতি ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান কৰে সমুজ্জল ভট্টাচাৰ্যই। উল্লেখ্য যে চিলাপথাৰ কাণ্ড আৰু বাসুগাঁও কাণ্ডক গৰিহনা দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীত কৰণত বাধা প্ৰদান কৰিবলৈ দুবৃত্তই এনেধৰণৰ কাণ্ড সংঘটিত কৰিছে বুলি কয় উপদেষ্টা ভট্টাচাৰ্যই ৷গতিকে সকলোকে সদৌ অসম ছাত্ৰ সন্থাই সংযমেৰে,কোনো ধৰণে প্ৰৰোচিত নহৈ আগবাঢ়ি যাবলৈ অনুৰোধ জনায়।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি