Begin typing your search above and press return to search.

অসম চৰকাৰৰ সুমতি বিচাৰি মছজিদত সদৌ অসম ছাত্ৰ সন্থাৰ দল

অসম চৰকাৰৰ সুমতি বিচাৰি মছজিদত সদৌ অসম ছাত্ৰ সন্থাৰ দল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 9:10 AM GMT

নামৰূপ জামে মছজিদত এইবাৰ উপস্থিত হল নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ দল,মছজিদত উপস্থিত হৈ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিধায়কৰ সুমতি বিছাৰি নেদেখাজনৰ ওচৰত দোৱা মাগিলে আছুৰ দলটোৱে।নামঘৰৰ পিছত এইবাৰ নামৰূপ মছজিদত আছুৰ দল, ভাগ ললে সমূহীয়া দোৱাত,কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শুমতি বিচাৰি নামৰূপ মছজিদত দোৱা মাগিলে নামৰূপ আছুৱে।

টুপি পৰিধান কৰি ডিঙিত গামোচা লৈ নামৰূপ জামে মছজিদত নেদেখাজনৰ ওচৰত দোৱা মাগি চৰকাৰৰ শুমতি বিচাৰিলে ছাত্ৰ সন্থাৰ কৰ্ম্মীয়ে ।উল্লেখযোগ্য যে ২০০৬ চনতে তেতিয়াৰ সাৰ মন্ত্ৰী ৰাম বিলাশ প্ৰাছোৱানে চতুৰ্থ গোটটো নিমাৰ্ণ কৰাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু বৰ্ত্তমান সময়ত সেয়াও ফোটোকাৰ ফেনত পৰিণত হল। কেন্দ্ৰীয় চৰকাৰে নামৰূপ সাৰকাৰখানাৰ চতুৰ্থগোট স্থাপনৰ কথা ঘোষণা কৰা আজি ১৩ টা বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো আজি পৰ্যন্ত সাৰকাৰখানাৰ চতুৰ্থ গোটটো নিমাৰ্ণ কাৰ্য সম্পূৰ্ণ নহল যাৰ বাবে প্ৰতাৰণাৰ ১৩ বছৰ অতিক্ৰম কৰাত নামৰূপৰ জামে মছজিদত সদলবলে উপস্থিতিত হৈ এইদৰে ৰাজহুৱা দোৱা মাগি চৰকাৰৰ শুমতি বিচাৰিলে ছাত্ৰ সন্থাৰ কৰ্ম্মী সকলে।

আছুৰ বিষয়ববীয়া সকলে কয় যে নামৰূপ সাৰকাৰখানাৰ চতুৰ্থগোটটো স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে উত্তৰপূৰ্বাঞ্চলৰ একমাত্ৰ এই লাভ জনক উদ্যোগটোক মাহী আইৰ দৃষ্টিৰে চোৱাৰ বাহিৰে আজি কোপতি চতুৰ্থ গোটটো নিমাৰ্ণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰত্ব প্ৰদান নকৰিলে। আনহাতেদি মৃতপ্ৰায় এই সাৰ কাৰখানাটোক পুনৰ জীয়াই তুলিবলৈ নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই নামৰূপ নগৰৰ বিভিন্ন প্ৰান্তৰৰ পৰা ১০ হাজাৰ লোকৰ স্মাৰক পত্ৰ সংগ্ৰহ কৰি প্ৰেৰণ কৰিব ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেদ্ৰ মোডীলৈ । উল্লেখযোগ্য যে যদিহে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অতি শীঘ্ৰে সাৰকাৰখানাটোৰ চতুৰ্থ গোটটো নিমাৰ্ণ নকৰে তেন্তে এটা সময় আহিব নিষ্ঠুৰ বাস্তৱৰ ওচৰত নিৰৱে চকুলো টুকিব নামৰূপ সাৰকাৰখানাই।

Next Story
চাকৰি