Begin typing your search above and press return to search.

অসম প্ৰদেশ কংগ্ৰেছে কমিটিৰ সভাপতি ৰিপুণ বৰাৰ পদত্যাগ পত্ৰ প্ৰেৰণ

অসম প্ৰদেশ কংগ্ৰেছে কমিটিৰ সভাপতি ৰিপুণ বৰাৰ পদত্যাগ পত্ৰ প্ৰেৰণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 May 2019 7:04 AM GMT

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰায়ে দেওবাৰে অসমত লোকসভা নিৰ্বাচনৰ বিপৰ্যয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি কংগ্ৰেছ অধক্ষ্য ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে । নতুন সভাপতি নিৰ্বাচিত নোহোৱালৈকে ৰিপুণ বৰায়ে দায়িত্ব পালন কৰিব বুলি দলৰ সূত্ৰয়ে প্ৰকাশ কৰে ।

সদ্য ঘোষিত লোকসভা নিৰ্বাচনত সমগ্ৰ দেশতে কংগ্ৰেছে মাত্ৰ ৫২ আসন লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে অসমত ৩ খন আসনত জয়ী হয় । লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতে কংগ্ৰেছ অধক্ষ্য ৰাহুল গান্ধীয়ে পদত্যাগ পত্ৰ দাখিল কৰাৰ পাছত চি ডব্লিউ চিয়ে অগ্ৰাহ্য কৰে। তাৰ পাছত দেওবাৰে পুনৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰায়ে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৰাহুল গান্ধীলৈ । তাৰ বিপৰীতে বিজেপিৰ মিত্ৰজোটে মুঠ ৩৫৩ খন আসন লাভ কৰে। বিজেপিয়ে অকলেই ৩০৩ খন আসন লাভ কৰে|

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি