অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তিনিজন নৱ নিৰ্বাচিত সাংসদক সম্বৰ্দ্ধনা জ্ঞাপন

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে দেওবাৰে ৰাজীৱ ভৱনত হোৱা এক অনুষ্ঠানত তিনিজন নৱ নিৰ্বাচিত সাংসদক সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ নৱ নিৰ্বাচিত সাংসদৰ ভিতৰত আছে ক্ৰমে কলিয়াবৰৰ গৌৰৱ গগৈ,বৰপেটাৰ আব্দুল খালেক আৰু নগাঁৱৰ প্ৰদ্যুত বৰদলৈ ৷
অনুষ্ঠানত অংশ গ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই কয় যে লোকসভা নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছে আশা কৰা ধৰণৰ ফলাফল লাভ নকৰিলেও,ভৱিষ্যতে দলৰ কৰ্মকৰ্তাসকলে নতুন উদ্যমেৰে কাম কৰিব ৷ ইফালে অনুষ্ঠানটিৰ পিছত ৰিপুন বৰাই কয় যে কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক কমিটীয়ে দলৰ পৰিৱৰ্তনৰ কাৰণে সকলো ধৰণৰ আঁচনি তৈয়াৰ কৰিব ৷ কলিয়াবৰত দ্বিতীয়বাৰৰ কাৰণে জয় লাভ কৰা গৌৰৱ গগৈয়ে কয় যে নিজৰ সমষ্টিটোৰ উন্নয়নৰ কাৰণে সকলো কাম কৰিব ৷
লগতে সংসদত অসমৰ জলন্ত সমস্যাসমূহক উত্থাপন কৰাৰ কথাও উল্লেখ কৰে ৷ অন্যহাতে,বৰপেটাৰ আব্দুল খালেকে মন্তব্য কৰে যে বৰপেটাক ঐতিহাসিক সত্ৰ নগৰী হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিব ৷ উল্লেখ্য যে এই অনুষ্ঠানত কংগ্ৰেছৰ জেষ্ঠ্য নেতা ড° ভূমিধৰ বৰ্মন,দেবব্ৰত শইকীয়াৰ লগতে দলৰ অন্যান্য নেতা সকলো উপস্থিত আছিল ৷
অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি