অসম বন্ধ বিফল কৰিবলৈ কঠোৰ নিৰ্দেশনা অসম চৰকাৰৰ

অসম বন্ধ বিফল কৰিবলৈ কঠোৰ নিৰ্দেশনা অসম চৰকাৰৰ

Published on

নাগৰিকত্ব সংশোধনী বিধেয়ক(২০১৬) ৰ বিৰূদ্ধে অসমৰ প্ৰায় অৰ্ধশতাধিক জাতীয় সংগঠনে ২৩ অক্টোবৰত আহ্বান কৰা ১২ ঘণ্টীয়া অসম বন্ধ বিফল কৰিবলৈ ৰাজ্য চৰকাৰে জাৰি কৰিছে কঠোৰ নিষেধাজ্ঞা। বন্ধৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ ভিত্তিত অসম চৰকাৰে প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰিছে এই নিৰ্দেশনা।

বন্ধৰ সমৰ্থনত ওলাই অহা লোকক লগে লগে গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। ন্যায়ালয়ৰ ৰায় অনুসৰি বন্ধৰ সময়ত হোৱা ক্ষয়-ক্ষতিৰ মূল্য বন্ধ দিয়া সংগঠনৰ পৰা আদায় কৰা হ’ব । পঞ্চায়ত পৰ্যায়লৈকে চৰকাৰী কৰ্মচাৰীৰ কাৰ্য্যালয়ত উপস্থিতি বাধ্যতামূলক। বন্ধৰ দিনা কাৰ্যালয়ত উপস্থিতি নাথাকিলে গ্ৰহণ কৰা হ'ব অনুশাসনমূলক ব্যৱস্থা। ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিলে বাতিল হ'ব ট্ৰেড লাইচেঞ্চ । এই বিষয়ে ব্যৱসায়ীসকলক আগতীয়াকৈ অৱগত কৰিব উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলে । সাধাৰণ নাগৰিকৰ নিৰাপত্তাৰ বাবে মজুত কৰা হ’ব নিৰাপত্তাৰক্ষী। ৰাজহুৱা যাতায়াত ব্যৱস্থাত পৰ্যাপ্ত নিৰাপত্তাৰক্ষী দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি সদৰি কৰিছে ৰাজ্য চৰকাৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com