Begin typing your search above and press return to search.

অসম-বাংলাদেশ সীমান্ত চীল কৰা ইচ্ছা কোনো চৰকাৰৰে নাই

অসম-বাংলাদেশ সীমান্ত চীল কৰা ইচ্ছা কোনো চৰকাৰৰে নাই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Dec 2018 1:23 PM GMT

অসম চুক্তিৰ ৩৩ টা বছৰ পাৰ হৈ যোৱাৰ পিছতো অসম তথা কেন্দ্ৰৰ কোনো এখন চৰকাৰে অসম চুক্তি অনুসৰি অসম-বাংলাদেশ সীমান্ত চীল কৰাৰ আগ্ৰহ নকৰিলে। সকলোকে লাগে মাথো বাংলাদেশীৰ ভোট। পানবজাৰত অনুষ্ঠিত এখন সংবাদমেলত প্ৰতিখন চৰকাৰেই অবৈধ বাংলাদেশী প্ৰীতিৰ হাতোৰাত বন্দী বুলি সদৰি কৰে। আছুৰ মুখ্য উপদেষ্টা সমুজ্বল ভটাচাৰ্য্যই আজি ইমান বছৰে সীমান্ত চীল কৰিব নোৱাৰাটো এক অক্ষমনীয় অপৰাধ বুলিও ঘোষণা কৰে। সংবাদ মেলত আছুৰ উপদেষ্টা গৰাকীয়ে চৰকাৰক নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে কয় আৰু ১১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হব লগীয়া সংসদৰ শীত কালীন অধিবেশনৰ সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিপক্ষে সংসদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও সংবাদ মেলখনত মন্তব্য কৰে। অসম চৰকাৰে এন আৰ চি সন্দৰ্ভত দল সংগঠন সমূহক দোষ জাপি দিয়াৰ কথাক তীব্ৰ বিৰোধিতা কৰি আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় জাতি মাটি ভেটিৰ কথাকৈ শাসনলৈ অহা সৰ্বানন্দ সোণোৱাল চৰকাৰ খনৰ এন আৰ চিৰ প্ৰতি দায়িত্ব নাই নেকি বুলি প্ৰশ্ন কৰে।স্পৰ্শ কাতৰ অঞ্চল সমূহত সাধাৰণ ৰাইজে আপত্তি দাখিলৰ ক্ষেত্ৰত নিৰাপত্তা জনিত কাৰণত বহুতো প্ৰতিবন্ধকতা আহি পৰিছে বুলি সদৰি কৰে আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে।

আছুৰ সভাপতি দিপাংক কুমাৰ নাথে এন আৰ চিত দাবী যিমানে কমিব সিমানেই শুদ্ধ নাগৰিক পঞ্জী এখন প্ৰস্তুত হব বুলি কোৱাৰ লগতে অসম চৰকাৰক এচ অ' পিৰ ৪.৩ নম্বৰ দফা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কাৰ্য্যকৰী কৰিবলৈ দাবী জনায়।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story