Begin typing your search above and press return to search.

অসম বিদুৎ শক্তি বিতৰণ কোম্পানী লিমিটেডৰ পৰীক্ষাত সংঘটিত বেমেজালিৰ অনুসন্ধানৰ দাবী দেবব্ৰত শইকীয়াৰ

অসম বিদুৎ শক্তি বিতৰণ কোম্পানী লিমিটেডৰ পৰীক্ষাত সংঘটিত বেমেজালিৰ অনুসন্ধানৰ দাবী দেবব্ৰত শইকীয়াৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 April 2019 10:15 AM GMT

দেওবাৰে অসম বিদুৎ শক্তি বিতৰণ কোম্পানী লিমিটেডৰ পৰীক্ষাত সংঘটিত চৰম বেমেজালিৰ অনুসন্ধান কৰাৰ লগতে , পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক কয় বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম বিদুৎ শক্তি বিতৰণ কোম্পানী লিমিটেডৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ লগতে চৰম বেমেজালিৰ সৃষ্টি হৈছিল । ১,০৯৭ টা পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল দেওবাৰে । বহুতো ছাত্ৰ-ছাত্ৰীৰ লগতে পৰীক্ষকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

এই বিষয়টোৰ ওপৰত দেবব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৈ সোমবাৰে এক পত্ৰ প্ৰেৰণ কৰে। এই বিষয়টোৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাইছে দেবব্ৰত শইকীয়াই।

দেবব্ৰত শইকীয়াই লগতে প্ৰকাশ কৰে যে বন আৰু পৰিবেশ বিভাগৰ লগতে পঞ্চায়ত গ্ৰাম্য উন্নয়ন বিভাগৰ পৰীক্ষাতো অনুৰূপ ঘটনাই সংঘটিত হৈছিল । সোনোৱালৰ চৰকাৰৰ দিনত অসম বিদুৎ শক্তি বিতৰণ কোম্পানী লিমিটেডৰ পৰীক্ষাৰ অনিয়ম আৰু বেমেজালিৰ এয়া তৃতীয়টো ঘটনা।

দেবব্ৰত শইকীয়াই সোনোৱাল চৰকাৰক কটাক্ষ্য কৰি কয় যে নিকা আৰু দুৰ্নীতি মুক্ত চৰকাৰৰ বুলি কৈ ফুৰা বিজেপি চৰকাৰৰ দিনতে চিণ্ডিকেটকে ধৰি দুৰ্নীতিৰ চৰম সীমা অতিক্ৰম কৰিছে বুলি প্ৰকাশ কৰে । লগতে জলসিঞ্চন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৃহৎ কেলেংকাৰী কথাও প্ৰকাশ কৰে ।

এই দুৰ্নীতিৰ ক্ষেত্ৰত সোনোৱাল চৰকাৰে কোনো ব্যবস্থা গ্ৰহণ কৰা নাই বুলি প্ৰকাশ কৰে। চৰকাৰৰ আওকাণৰ বাবে বহুতো ছাত্ৰ-ছাত্ৰীয়ে আদালতৰ কাষ চাপিব লগা হৈছে বুলি প্ৰকাশ কৰে দেবব্ৰত শইকীয়াই।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি