Begin typing your search above and press return to search.

অসম বিধানসভাত উত্থাপন কয়লা চিণ্ডিকেটঃ চিণ্ডিকেট ৰাজত শূণ্য সহনশীল নীতি গ্ৰহণ কৰিব চৰকাৰে

অসম বিধানসভাত উত্থাপন কয়লা চিণ্ডিকেটঃ চিণ্ডিকেট ৰাজত শূণ্য সহনশীল নীতি গ্ৰহণ কৰিব চৰকাৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Jan 2019 10:07 AM GMT

বুধবাৰে অসম বিধানসভাৰ মজিয়াত সদ্যহতে ৰাজ্যত অব্যাহত থকা বিভিন্ন চিণ্ডিকেটৰ কথা আলোচনা হ’ল ৷বিধানসভাৰ মজিয়াত চিণ্ডিকেটৰ বিষয়টো উত্থাপন কৰি গোলাঘাটৰ কংগ্ৰেছৰ বিধায়িকা অজন্তা নেওগে (Ajanta Neog) ৰাজ্যত বিভিন্ন ক্ষেত্ৰত চিণ্ডিকেটৰ ওপৰত বিহীত ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰে ৷ চিণ্ডিকেটৰ অভিযোগৰ প্ৰসংগ উত্থাপন কৰি নেওগে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কিছু ঘনিষ্ঠ লোক কয়লা চিণ্ডিকেটত জড়িত আছে ৷ ইয়াৰোপৰি GST চালানটো জালিয়াতি অব্যাহত থকাৰ কথাও উল্লেখ কৰে ৷ মেঘালয়ৰ ট্ৰাকসমূহত কয়লা সমূহ লোড হৈ মহানগৰীয়েদি ৰাজ্যৰ বাহিৰলৈ নিয়াৰ কাৰণে যোগীঘোপাৰ মাল গাড়ীত লোড কৰা হয় ৷

লগতে অজন্তা নেওগে কয় যে অৱশ্যে এই সন্দৰ্ভত মোৰ ওচৰত কোনো প্ৰমাণ নাই ৷ এনে ধৰণৰ ঘটনা সমূহৰ তদন্ত কৰা এক উচ্চ স্তৰীয় পুলিছৰ বিষয়া কয়লা চিণ্ডিকেটত জড়িত থকাৰ কথা কয় ৷ প্ৰশাসনৰ কোনো বিষয়াই কয়লা ভৰ্ত্তি ট্ৰাকসমূহৰ পৰা এক লাখ টকা পৰ্যন্ত টকা লোৱাৰ অভিযোগ কৰে অজন্তা নেওগে ৷চিণ্ডিকেটৰ সন্দৰ্ভত বিভিন্ন বিষয় উত্থাপন কৰি অজন্তা নেওগে আশ্চৰ্য প্ৰকাশ কৰি কয় যে,বিজেপিৰ এজন নেতা দিলীপ পালে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে বৰাক উপত্যকাত এক বৃহৎ কয়লা চিণ্ডিকেটে ৰাজ কৰি আছে ৷ লগতে এই চিণ্ডিকেটত প্ৰশাসনো জড়িত থকাৰ কথা প্ৰকাশ কৰে ৷ অন্যহাতে অজন্তা নেওগে কয়লা চিণ্ডাকেটৰ উপৰিও মাছ,মাংস,কণী আদিৰ চিণ্ডিকেটৰ কথাও উল্লেখ কৰে ৷ লগতে কয় যে এই চিণ্ডিকেট কোনে কৰিছে এই সম্পৰ্কে তদন্ত কৰাৰ পিছত সকলো ফাদিল হ’ব ৷ কিন্তু তদন্ত কৰাৰ পিছত সৰু মাছ জালত পৰিব আৰু ডাঙৰ মাছ পলাই সাৰি যাব ৷

উল্লেখ্য যে অজন্তা নেওগে চিণ্ডিকেট সম্বন্ধে উত্থাপন কৰাটো প্ৰসংগত, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে চৰকাৰে চিণ্ডিকেটৰ সমৰ্থন কেতিয়াও নকৰে৷ চলিত চৰকাৰখনৰ কেবিনেটৰ প্ৰথম বৈঠকত নিৰ্ণয় কৰা সিদ্ধান্ত অনুসৰি চাৰিখন অন্তৱৰ্তী চেক গেটৰ বাহিৰে সকলো চেক গেট বন্ধ কৰি দিয়া হৈছে ৷এই বিষয়টোৰ ওপৰত চৰকাৰে উচিত ব্যৱস্থা ল’ব ৷ইতিমধ্যে চৰকাৰে ৰাজ্যত কয়লা চিণ্ডিকেটৰ অভিযুক্ত সকলৰ বিৰুদ্ধে চিআইডিয়ে তদন্ত আৰম্ভ কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি