অসম মাধ্যমিক শিক্ষা পৰিষদে(ছেবা) যোগান ধৰিব মেট্ৰিকৰ এডমিট কাৰ্ড

অসম মাধ্যমিক শিক্ষা পৰিষদে(ছেবা) যোগান ধৰিব মেট্ৰিকৰ এডমিট কাৰ্ড
Published on: 

অসম মাধ্যমিক শিক্ষা পৰিষদে নতুন ব্যৱস্থা গ্ৰহন কৰিছে। পৰিষদ খনৰ এই নতুন পন্থা ২০২০ চনৰ পৰা কাৰ্যকৰী হ’ব। বাহিৰৰ কোনো প্ৰতিষ্ঠানক নিদিয়ে এডমিট কাৰ্ডৰ কাম। আসোঁৱাহ দূৰ কৰি শুদ্ধ ৰূপত প্ৰস্তুত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদে।এডমিট কাৰ্ডত যদিহে কোনো ভুল থাকে তেন্তে এসপ্তাহৰ ভিতৰতে ছাত্ৰ-ছাত্ৰীসকলে শুদ্ধ কৰিব পাৰিব । ইয়াৰ উপৰিও ছেবাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব ৪টা নতুন ঐচ্ছিক বিষয়,সেইকেইটা ক্ৰমে হেল্থ কেয়াৰ, প্ৰাইভেট চিকিউৰিটী, ট্যুৰিজিম এণ্ড হস্পিটেলিটী আৰু এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ বিষয়। ট্যুৰিজিম এণ্ড হস্পিটেলিটীত ২০২০ চনৰ পৰাহে দিব পাৰিব পৰীক্ষা আৰু অন্য ৩টা বিষয়ত ২০১৯ চনৰ পৰাই দিব পাৰিব পৰীক্ষা। ছেবাত ক্ৰমাত্‍ বৃদ্ধি পাইছে শিক্ষাৰ্থীৰ সংখ্যা। প্ৰত্যেক বছৰে গড় অনুপাতে ১৫ হাজাৰ শিক্ষাৰ্থী বৃদ্ধি হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com