অসম মেঘালয় সীমান্তৰ বকোত পথ নিৰ্মাণত অনিয়ম হোৱাৰ অভিযোগ

Published on

অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ এটি অঞ্চলৰ গাঁৱবাসীয়ে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নতুনকৈ নিৰ্মিত এটি পথৰ সন্দৰ্ভত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এই পথটোৱ কামৰূপ জিলাৰ বকোৰ ৰানী আৰু মাকৈবাৰী গাঁৱক সংযোগ কৰিছে। পথটোৰ নিৰ্মাৰ্ণৰ দায়িত্ব দিয়া হৈছে অসম প্লাবিক ৱাৰ্কছক ৷ প্ৰায় ১.১৮ কোটি টকাৰ এই পথটোৰ দৈঘ্য হ’ব ১.৯৫ কিলোমিটাৰ ৷

এই পথটোৰ সন্দৰ্ভত উন্নতি চেত্ৰী নামৰ এজন বাসিন্দাই কয় যে এই পথটোৰ নিৰ্মাণত বিভ্ৰান্তি হোৱাৰ সন্দেহ কৰা হৈছে ৷ কাৰণ পথটোৰ নিৰ্মাণৰ পিছতে পথটোৰ তলৰ কিছু সামগ্ৰী ওপৰলৈ উঠি আহিছে ৷ লগতে পথটোৰ নিৰ্মাণৰ কামত নিয়োজিত থকা অভিযন্তাও কাম আধাতে এৰি দি পুনৰাই পথটোৰ কামত আৰম্ভ কৰাৰ কথাও উল্লেখ কৰে ৷ অন্যহাতে পথটোৰ নিৰ্মাণত ব্যস্ত লোকসকলৰ কামৰ ক্ষেত্ৰতো সন্দেহ প্ৰকাশ কৰিছে উন্নতি চেত্ৰীয়ে ৷ ইফালে এই পথটোত ল’ৱাৰ লাম্পি অঞ্চলৰ লোকসকলৰ কাৰণে যথেষ্ট গুৰুত্ব পূৰ্ণ ৷

কাৰণে ইয়াত লোকসকলৰ সুবিধাৰ্থে বজাৰ থকাৰ লগতে বিদ্যালয় আৰু অন্য প্ৰতিষ্ঠানো আছে ৷ লগতে কৃষি কাৰ্যৰ লগত জৰিত বিভিন্ন সামগ্ৰীৰ পৰিবহনৰ ক্ষেত্ৰটো এই পথটোৱে উল্লেখ্য ভূমিকা গ্ৰহণ কৰিছে ৷ এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কামৰূপ উপায়ুক্ত কমল কুমাৰ বৈশ্যক অৱগত কৰাত,বৈশ্যই কয় যে মই লোকসকলক এই সম্বন্ধে এক লিখিত অভিযোগ প্ৰস্তুত কৰিবলৈ অনুৰোধ কৰিম ৷যাৰ আধাৰত আমি সকলো তদন্ত অব্যাহত ৰাখিম ৷ ৰানী আৰু মাকৈবাৰী গাঁৱৰ বাসিন্দাই পথটোৰ ফ’টোসহ এক লিখিত অভিযোগ কামৰূপৰ উপায়ুক্তক প্ৰদান কৰে। যাতে পথটোৰ সন্দৰ্ভত তৎকালীন পদক্ষেপ গ্ৰহণ কৰিব পাৰে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com