Begin typing your search above and press return to search.

অসম লোকসেৱা আয়োগৰ সন্দৰ্ভত বিশেষ আদালতলৈ বিশেষ আৰ্জি ডিব্ৰুগড় আৰক্ষীৰ

অসম লোকসেৱা আয়োগৰ সন্দৰ্ভত বিশেষ আদালতলৈ বিশেষ আৰ্জি ডিব্ৰুগড় আৰক্ষীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 March 2019 8:39 AM GMT

অসম লোকসেৱা আয়োগৰ (APSC) কেলেংকাৰী তদন্ত সম্পূৰ্ণ কৰিব নোৱাৰাৰ অজুহাত দেখুৱাই ডিব্ৰুগড় আৰক্ষীয়ে তিনি মাহৰ সময় বিছাৰিছে ৷এই উদ্দেশ্যৰে ডিব্ৰুগড় আৰক্ষীয়ে চলিত বৰ্ষৰ ৫ মাৰ্চত বিশেষ আদালতত এখন আৰ্জি দিছে ৷বুধবাৰে বিশেষ আদালতে আৰ্জিখন স্বীকাৰ কৰি,এই সন্দৰ্ভত আদেশ জাৰি কৰিবলৈ ১২ মাৰ্চত দিন ধাৰ্য কৰিছে ৷ডিব্ৰুগড় আৰক্ষীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ কাৰণে ৰাজ্যত সৃষ্টি হোৱা পৰিস্থিতিৰ কাৰণে তদন্তত ব্যাঘাত জন্মিছে বুলি মন্তব্য কৰিছে ৷

আৰক্ষীয়ে বিশেষ আদালতক এই বুলিও মন্তব্য কৰে যে বৰ্তমান অসম লোকসেৱা আয়োগক তদন্ত কৰা বিষয়া গৰাকীকো গোলাঘাটলৈ স্থানান্তৰ কৰাৰ কথাও উল্লেখ কৰে ৷ ইফালে এক বিশেষ সূত্ৰৰ মতে , অসম লোকসেৱা আয়োগত তদন্ত কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা বিভিন্ন কাৰক সমূহৰ ভিতৰত আছে আহমেদাবাদৰ ফৰেনছিকৰ পৰা জব্দ কৰা নথি পত্ৰ,কেছ ডায়িৰী দাখিল কৰাৰ পূৰ্বে সাক্ষীৰ তথ্য পৰীক্ষা কৰা আদি ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি