Begin typing your search above and press return to search.

অসম সাহিত্য সভাৰ ২০ গৰাকী প্ৰাক্তন সভাপতিৰ নামত ২০ গৰাকী মেধাৱী শিক্ষাৰ্থীক জলপানি প্ৰদান কৰা হব

অসম সাহিত্য সভাৰ ২০ গৰাকী প্ৰাক্তন সভাপতিৰ নামত ২০ গৰাকী মেধাৱী শিক্ষাৰ্থীক জলপানি প্ৰদান কৰা হব

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 May 2019 10:08 AM GMT

গুৱাহাটীস্থিত সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱা সভাকক্ষত অসম সাহিত্য সভা আৰু ইউনিভাৰ্চিটি অব ছায়েন্স এণ্ড টেকন'লজি মেঘালয়ে আজি এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলতে অসম সাহিত্য সভা আৰু ইউ এচ টি এমে যুটিয়াভাৱে আৰ্থিক দিশত দুৰ্বল মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষাৰ জলপানিৰ আৰু গৱেষণা বৃত্তি ঘোষণা কৰে ।

সাহিত্য সভাৰ ২০ গৰাকী প্ৰাক্তন সভাপতিৰ নামত ২০ টা পূৰ্ণাংগ শিক্ষা জলপানি প্ৰদান কৰিব । এই ২০ টা জলপানিৰ ১৫ টা স্নাতকোত্তৰ শিক্ষাৰ বাবে আৰু ৫ টা স্নাতক শিক্ষাৰ বাবে নিৰ্ধাৰিত কৰা হৈছে বুলি প্ৰকাশ কৰে ।মেধাৰ ভিত্তিত নিৰ্বাচিত হোৱা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলে স্নাতক আৰু স্নাতকোত্তৰ বিভাগত পদাৰ্থ বিজ্ঞান, ৰাসায়ন বিজ্ঞান, উদ্ভিদ বিজ্ঞানৰ, জীৱ বিজ্ঞান, ইংৰাজি, গণিত, ৰাজনীতি বিজ্ঞানৰ লগতে আৰু বহু কেইটা পঢ়াৰ সুবিধা পাব বুলি প্ৰকাশ কৰে সংবাদমেলতে ।

লগতে ডঃ মহেশ্বৰ নেওগ আৰু সাহিত্যচাৰ্য চৈয়দ আব্দুল মালিকৰ সোঁৱৰণত প্ৰদান কৰা হব দুটা গৱেষণা বৃত্তি সাহাৰ্য্য । জলপানিৰ বাবে ছাত্ৰ ছাত্ৰীৰ সকলে অসম সাহিত্য সভা অন্যথা www.ustm.ac.in ৰ পৰা আৱেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব বুলি প্ৰকাশ কৰে সংবাদমেলতে। প্ৰ-পত্ৰ জমা দিয়াৰ অন্তিম দিন হৈছে ১৫ জুন । ২০ জুনত নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীৰ নাম ঘোষণা কৰা হব বুলি প্ৰকাশ কৰে।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি