Begin typing your search above and press return to search.

অস্তিত্ব ৰক্ষাৰ সংকটত লক্ষীমপুৰ জিলাৰ ঐতিহাসিক ঘূনাসূতি

অস্তিত্ব ৰক্ষাৰ সংকটত লক্ষীমপুৰ জিলাৰ ঐতিহাসিক ঘূনাসূতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 May 2019 9:54 AM GMT

অস্তিত্ব ৰক্ষাৰ সংকটত লক্ষীমপুৰ জিলাৰ ঐতিহাসিক ঘূনাসূতি ৷ লক্ষীমপুৰ জিলাৰ ঐতিহাসিক ঘূনাসূতি ক্ৰমে প্ৰতিদিনে যেন অস্তিত্বৰ সংকটতলৈ গতি কৰিছে ৷ ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনদী সোৱনশিৰী নদীৰ কাৰণে হোৱা গৰাখহনীয়াই, উপন্যাস সম্ৰাট ৰজনী কান্ত বৰদলৈৰ "মিৰি জীয়ৰী"ৰ পৃষ্ঠভূমি ঘূনাহুতিৰ লোকসকলক বিপদত পেলাইছে ৷

নদীখনৰ গৰাখহনীয়াই অঞ্চলটোৰ ভূমিৰ পৰিমাণ প্ৰতিবছৰে হ্ৰাস কৰিছে । ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰ অথবা জিলা প্ৰশাসনে এই গৰাখহনীয়াক ৰোধ কৰিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । ইফালে, অঞ্চলটোৰ গৰাখহনীয়াই লোকসকলক বিপদত পেলোৱা প্ৰসংগটো পোহৰলৈ আহিছে উত্তৰ লক্ষীমপুৰ জিলাৰ সংবাদদাতাসকলৰ "গাঁওলৈ যাঁও ব’লক" অনুষ্ঠানটিৰ জৰিয়তে ৷

মংগলবাৰে লক্ষীমপুৰ জিলাৰ সংবাদদাতাসকলে "ৰাইজ মেল" নামৰ এক অনুষ্ঠান আয়োজন কৰে। এই অনুষ্ঠানত গাঁৱৰ লোকসকলে অভিযোগ কৰে যে ২০০৩ চনৰ পৰা তেওঁলোক ঘূনাসূতিৰ গৰাখহনীয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে। আৰু ২০১২ চনৰ পৰা এই গৰাখহনীয়াৰ এক প্ৰচণ্ড ৰূপ ধাৰণ কৰে ৷

দ্বিতীয়তে, ঘূনাসূতিৰ ২৬ খন গাঁৱৰ লোকসকলৰ সুবিধাৰ্থে সোৱনশিৰি নদীৰ বানপানীক প্ৰতিৰোধ কৰিবৰ কাৰণে ৪ কিলোমিটাৰ বান্ধ নিৰ্মাণ কৰিছিল , যদিও সোৱনশিৰী নদীৰ পানীয়ে সম্পূৰ্ণৰূপে স্থানীয় গাঁওসমূহক জলমগ্ন কৰিছে ৷ ইয়াৰ মাজতে গৰাখহনীয়াই কালায়ানী,বালিগাঁওৰ অস্তিত্বক নাশ কৰি দিয়াৰ উপক্ৰম হৈছে ৷

অন্যহাতে, দুই নম্বৰ নাহৰণি গাঁৱৰ লগতে কাষৰীয়া গাঁৱসমূহৰ বাসগৃহ আৰু খেতি পথাৰ নদীত জাহ যায় ৷ এনেধৰণৰ পৰিস্থিতি ধন জন হেৰুৱাই সৰ্বস্বান্ত হোৱা লোক সকলে কেনেধৰণে জীৱন নিৰ্বাহ কৰিছে সেয়া লক্ষ্যনীয় ৷ কিন্তু এই লোকসকলৰ কাৰণে এতিয়াও কোনো ব্যৱস্থা লোৱা নাই চৰকাৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি