Begin typing your search above and press return to search.

অৰুণাচল প্ৰদেশৰ নিৰ্বাচনৰ বাবে ভাৰতীয় নিৰ্বাচনী আয়োগৰ অধিসূচনা জাৰি

অৰুণাচল প্ৰদেশৰ নিৰ্বাচনৰ বাবে ভাৰতীয় নিৰ্বাচনী আয়োগৰ অধিসূচনা জাৰি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 March 2019 10:42 AM GMT

সোমবাৰে অৰুণাচল প্ৰদেশৰ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰে ভাৰতীয় নিৰ্বাচনী আয়োগে । লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি । ১১ এপ্ৰিলত অনুষ্ঠিত হব লগানিৰ্বাচনত মুঠ ৭,৯৪,১৬২ ভোটাৰ পৰিবৰ্তে ৪,০১,৬০১ মহিলা ভোটৰ আছে । ৰাজ্য খনত ২,২০২ টা ভোট গ্ৰহণ কেন্দ্ৰ আছে । লগতে ৰাজ্য খনত ৩,০০০ বিশেষ ভাবে সক্ষম ভোটাৰ আছে ৰাজ্য খনত । ৰাজ্য খনত ১১ টা ভোট গ্ৰহণ কেন্দ্ৰ বিশেষকৈ মহিলাৰ বাবে ব্যৱহাৰ কৰিছে।

ইটানগৰত ৫২ নং নাহৰলগুন ভোট গ্ৰহণ কেন্দ্ৰত ৰাজ্যত ভিতৰতে বেছি ভোটৰ আছে । ১,৩৪০ ভোটাৰ আছে নাহৰলগুন ভোট গ্ৰহণ কেন্দ্ৰত । ১১ টা ভোট গ্ৰহণ কেন্দ্ৰ বিশেষকৈ মহিলা ৰ বাবে সংৰক্ষিত কৰা হৈছে । ৰাজ্য খনত ২৮১ টা বুথ ভোট গ্ৰহণ কেন্দ্ৰ আছে আৰু ৬৬২ টা স্পৰ্শকাতৰ কেন্দ্ৰ আছে । ইতিমধ্যে ৯৯,৯৭ শতাংশ ফটো সহ পৰিচয় পত্ৰৰ কাম সম্পূৰ্ণ হৈছে । নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পুৰ্ণ হৈ উঠিছে । জিলা ভিত্তিক নিৰ্বাচনী বিষয়া, ৰিটাৰনিং অফিচাৰ, সহ ৰিটাৰনিং অফিচাৰ আৰু আন আন ক্ষেত্ৰত নডেল অফিচাৰ সমুহৰ ইতিমধ্যে প্ৰশিক্ষণ সমুহ সম্পুৰ্ণ হৈছে বুলি প্ৰকাশ কৰিছে । জিলা নিৰ্বাচনী বিষয়াৰ তত্বাৱধানত ইতিমধ্যে নিৰ্বাচনী বিষয়া সমুহৰ প্ৰশিক্ষণ আৰম্ভ কৰিছে ।

উল্লেখযোগ্য যে প্ৰথম বাৰৰ বাবে ভোট গ্ৰহণ কেন্দ্ৰ সমুহত VVPAT মেচিন ব্যৱহাৰ কৰা হব । ৪,৯৬৪ কৰ্মচাৰী ভোটাৰ বাবে ETPBS ৰ যোগেদি ভোট দানৰ সুবিধা লাভ কৰাৰ লগতে নিৰীক্ষণৰ বাবে এছ এম এছ ভিত্তিক মনিটৰিং ভিত্তিক ব্যবস্থা গ্ৰহণ কৰা হৈছে । CEO আৰু DEO অফিচত ট'ল ফ্ৰি নম্বৰ মুকলি কৰা হৈছে ১৯৫০। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হ'ল ২৫ মাৰ্চ, ২৬ মাৰ্চত পত্ৰ সমূহ পৰীক্ষা কৰা হব আৰু ২৮ মাৰ্চত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ঘোষণা কৰা হৈছে ।

২৩ মে লৈকে ভোট গ্ৰহণ অনুষ্ঠিত হৈ থাকিব ৰাজ্য খনত। লোকসভা আৰু বিধানসভা নিৰ্বাচনত বিজেপি, কংগ্ৰেছ, এন পি পি,পি পি এ আৰু জনতা দালে প্ৰাৰ্থীত্ব আগবঢ়াব ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি